জয়মালাক ওভতাই আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ অসম চৰকাৰ…

তামিলনাডুৰ এটা বিষ্ণু মন্দিৰত থকা অসমৰ হাতী জয়মালাক ঘূৰাই আনিবলৈ সক্ষম নোহোৱাত এতিয়া অসম চৰকাৰে বিষয়টো সন্দৰ্ভত কাষ চাপিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

হুবছৰ পূৰ্বে অসমৰ পৰা তামিলনাডুলৈ নিয়া ‘জয়মালা’ নামৰ হাতীটোক বৰ্বৰ অত্যাচাৰ কৰাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক গুৰুত্বসহকাৰে লৈ অসম চৰকাৰৰ এটা দল তাৎক্ষণিকভাৱে তামিলনাডুলৈ প্ৰেৰণ কৰিছিল।

কিন্তু দলটোৱে ইমানদিনে জয়মালাক দেখা কৰিবলৈও সক্ষম নহ’ল।

এই সন্দৰ্ভত আজি বিধানসভা চৌহদত সাংবাদিকে প্ৰশ্ন কৰাত প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে কয় যে, জয়মালাৰ বাবে আমি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছোঁ। ন্যায়ালয়ৰ ৰায়ৰ বাবে অপেক্ষা কৰি আছোঁ। তামিলনাডুত বৰ্তমান জয়মালা সুৰক্ষিত অৱস্থাত আছে।

তেওঁ লগতে কয়- অসম চৰকাৰৰ মুখ্য সচিবে তামিলনাডু চৰকাৰৰ লগত কথা পাতিছে। তামিলনাডু চৰকাৰে অসম চৰকাৰ দলটোক জয়মালাক সাক্ষাৎ কৰিব নিদিয়াটো উচিত কাম হোৱা নাই। বৰ্তমান হাতীটো তামিলনাডু চৰকাৰৰ হাতত নাই। হাতীটো ব্যক্তিগত মালিকানাধীনত আছে বুলি তেওঁ জনায়।

উল্লেখ্য যে, ২ ছেপ্তেম্বৰতে তামিলনাডুলৈ গৈছিল অসমৰ প্ৰতিনিধিৰ দলটো। কিন্তু আজি পৰ্যন্ত জয়মালাকে ধৰি আন আঠটা হাতী কেনে আছে সেই বিষয়ে একো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।

তামিলনাডু চৰকাৰে অনুমতি দিব বুলি আশা প্ৰকাশ কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দলটোৱে এতিয়াও চেন্নাইত বাহৰ পাতি আছে।

কিন্তু ১২ দিন উকলি যোৱাৰ পিছতো কোনো সুফল নেদেখাত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে।