fbpx
অসমীয়াৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী গোট হুৰিয়ত কাৰ্যালয়ৰ গেটত ত্ৰিৰংগা উৰুৱালে কাশ্মীৰী পণ্ডিতে…

নিউজ ডেস্কঃ ৭৫ তম স্বাধীনতা দিৱসৰ উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিজন ভাৰতীয়ক কাৰ্যালয়, প্ৰতিষ্ঠান আৰু ঘৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছতে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী গোট অল পাৰ্টিজ হুৰিয়ত কনফাৰেন্স (এপিএইচচি)ৰ গেটত দুখনকৈ ৰাষ্ট্ৰীয় পতাকা উৰুৱালে সন্দীপ মাৱা নামৰ এগৰাকী কাশ্মীৰী পণ্ডিতে।

উল্লেখযোগ্য যে, ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশতে ব্যাপক প্ৰস্তুতি চলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ছ’চিয়েল মিডিয়া একাউণ্টত তেওঁৰ প্ৰ’ফাইল পিকচাৰ সলনি কৰি ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰে। তেওঁ দেশৰ নাগৰিকসকলকো তেনে কৰিবলৈ আহ্বান জনায়।

দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ লক্ষৰে কেন্দ্ৰৰ ‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচীৰ অংশ স্বৰূপে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ প্ৰচাৰ চলোৱা হৈছে।

দেওবাৰে সম্প্ৰচাৰিত তেওঁৰ ‘মন কি বাত’ ৰেডিঅ’ত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ‘আজাদী কা অমৃত মহোৎসৱ’ এক গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে স্বাধীনতা দিৱসৰ দুদিন পূৰ্বৰে পৰা সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়, ঘৰ আদি সকলোতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় মোডীয়ে।

মানুহৰ মনত দেশ প্ৰেম জগাই তোলাৰ লগতে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান বৃদ্ধিৰ বাবেই এই ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান আৰম্ভ কৰা হৈছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!