অসম
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ ৩ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত ভাৰতীয় সেনাৰ।
পুনৰ সেনাৰ গুলীত লস্কৰ-ই-তৈবাৰ ৩ সন্ত্রাসবাদী নিহত।
লগতে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা নিৰাপত্তা বাহিনীয়ে ২ টা এ কে ৪৭ ৰাইফল আৰু এটা পিষ্টলকে ধৰি কেইবাটাও অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে।
নিহত সন্ত্ৰাসবাদীৰ ভিতৰত আছে পুলৱামাৰ হৰিপোৰাৰ ইৰফান আহ মালিক (২৫), পুলৱামাৰ ফজিল নাজিৰ ভট্ট (২১) আৰু পুলৱামাৰ গুদৌৰাৰ জুনাইদ কাদিৰ (১৯)।
জম্মু-কাশ্মীৰৰ পলুৱামাত সংঘটিত এই ঘটনা।
ইয়াৰে এজন সন্ত্ৰাসবাদীৰ নাম জম্মু-কাশ্মীৰৰ বিশেষ আৰক্ষী বিষয়া ৰেয়াজ আহমেদ থোকাৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল।
উল্লেখ্য যে, শেহতীয়াকৈ ২৭ মে’ত জম্মু-কাশ্মীৰৰ পুলৱামাত এক এনকাউণ্টাৰ হৈছিল, য’ত লস্কৰ-ই-তৈবাৰ এজন ডেপুটি কমাণ্ডাৰকে ধৰি ৩ জন সন্ত্ৰাসবাদী নিহত হৈছিল।