জম্মু-কাশ্মীৰত জিলা আদালতৰ বাহিৰত ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত…

জম্মু-কাশ্মীৰৰ উধমপুৰৰ জিলা আদালতৰ সন্মুখত সংঘটিত ভয়ংকৰ বিস্ফোৰণ।

বিস্ফোৰণত নিহত হৈছে এজন লোক। আনহাতে হৈছে কমেও ১৩ জন লোক।

বাতৰি অনুসৰি, উধমপুৰ চহৰৰ শ্লথিয়া চ’কত দুপৰীয়া প্ৰায় ১বজাত সংঘটিত হয় বিস্ফোৰণ। বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ আতংকৰ।

ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনী উপস্থিত আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

উধমপুৰৰ এছএছপি বিনোদ কুমাৰে জানিবলৈ দিয়া মতে, বিস্ফোৰণ কাণ্ড সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰা হৈছে তদন্ত।

Leave a Comment