জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ চােপােৰ অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে দুজন কৈ সন্ত্ৰাসবাদী।

দুয়োগৰাকীয়ে জইছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ দুধৰ্ষ সন্ত্ৰাসবাদী আছিল।

বাৰামুলা জিলাৰ চােপোৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ পিছতে নিৰাপত্তাৰক্ষীৰ গুলীত সন্ত্ৰাসবাদী দুজন নিহত হৈছিল।

G1
জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী 2

দুধৰ্ষ সন্ত্ৰাসবাদী দুজনক চােপোৰৰ বাসিন্দা মহম্মদ ৰফি আৰু পুলৱামাৰ বাসিন্দা কাইচেৰ আশ্ৰফ বুলি চিনাক্ত কৰা হৈছে।

এনকাউণ্টাৰৰ সময়ত এজন সাধাৰণ লোকো আঘাতপ্ৰাপ্ত হোৱাত তেওঁক শ্ৰীনগৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।

তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।