জন্মদিন উদযাপন কৰি উভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা, একে গাঁৱৰ ৩ যুৱকৰ কৰুণ মৃত্যু…

জন্মদিনৰ পাৰ্টী উদযাপন কৰি উভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত একেখন গাঁৱৰে ৩ যুৱকে কৰুণ মৃত্যুক আকোৱালি লয়।

আনহাতে গুৰুতৰভাৱে আহত হৈছে আন ২ জন বন্ধু।

মৰিগাঁও জাগীৰোড পথৰ বঘৰা ঘুলিগাঁৱত সোমবাৰে নিশা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

266755084-4072108506222094-4432816313528116986-n

জানিব পৰা মতে জাগীৰোডৰ পৰা মৰিগাঁও দিশলৈ আহি থকাৰ অৱস্থাত এম এল ০৮চি ৮১৮৮ নম্বৰ হোণ্ডাই আই-২০ বাহনখনেৰে তীব্ৰ বেগেৰে বঘৰাৰ ঘুলিগাঁৱৰ ৰিদিপ বৰদলৈ নামৰ এজন ব্যক্তিৰ ঘৰৰ সন্মুখত থকা লোৰ গেটত খুন্দা মাৰে।

ফলত বাহন খনত থকা দুজন যুৱক থিতাতে নিহত হয় আৰু আন এজনৰ মৃত্যু হয় মৰিগাঁও অসমাৰিক চিকিৎসালয়ত।

মৃত যুৱক কেইজনৰ নাম হাফিজুৰ ৰহমান (২৬), ছোহেল আহমেদ(২৬), মহীবুৰ ৰহমান (২৮)।

গোটেই কেইজনৰ ঘৰ মৰিগাঁৱৰ মৰিমুছলমান গাঁৱত।

অন্যহাতে ঈশান আহমেদ নামৰ ১৯ বছৰীয়া যুৱক জনক সংকট জনক অৱস্থাত গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিটেললৈ প্ৰেৰণ কৰাৰ লগতে আহত ইক্ৰম আহমেদক(২১) মৰিগাঁও অসামৰিক চিকিৎসালয়তভৰ্তি কৰোৱা হৈছে।

আহত ইক্রমৰ ঘৰ দলবাৰীত বুলি জানিব পৰা গৈছে।

266729143-4072109226222022-1589825972923177874-n

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ চালকৰ আসনত থকা ছোহেল আহমেদক উলিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল।

যুৱক কেইজনৰ মৃত্যুত কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকলৰ লগতে স্থানীয় লোক। ৩ যুৱকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে গাওঁবাসীয়ে।

উল্লেখ্য যে, ঈশান আহমেদ নামৰ যুৱকজনৰ জন্মদিন আছিল আৰু আটাই কেইজনে পুৱাই জন্মদিন ৰ পাৰ্টি উপভোগ কৰিবলৈ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈছিল।

লগতে চাওকঃ

মৰ্মান্তিক! স্কুটীৰে ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল চুফিয়াৰ

G8

Leave a Comment