জন্মদিন উদযাপনৰ সময়তে ঘটিল মমবাতি বিস্ফোৰণ! গুৰুতৰভাৱে আহত শিশু…

নিউজ ডেস্কঃ উছাহ-আনন্দৰে জন্মদিন উদযাপন কৰি থকাৰ সময়তে মমবাতি বিস্ফোৰণ ঘটি গুৰুতৰভাৱে আহত হয় এটি শিশু। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ চিমুৰ তালুকৰ ভিছি গাঁৱত।

জানিব পৰা মতে, গাঁওখনৰ আৰহাম ডংগ্ৰে নামৰ ১০ বছৰীয়া শিশুজনে গাঁওৰে আন এজন সমনীয়াৰ জন্মদিনলৈ গৈছিল। তেওঁলোকে জন্মদিনত কেক কটাৰ পিছত আনন্দ-উছাহেৰে আহাৰো গ্ৰহণ কৰে।

তাৰ পিছত জন্মদিনৰ স্পাৰ্কল মমবাতিৰ সৈতে খেলিবলৈ আৰম্ভ কৰে আৰহামে। কিন্তু সেই সময়তে মমবাতিডাল বিস্ফোৰণ ঘটি গাল আৰু জিভাত গুৰুতৰভাৱে আঘাত পায় আৰহাম নামৰ শিশুটিয়ে।

লগে লগে শিশুটিক পৰিয়ালৰ লোকে ৫০ কিলোমিটাৰ নিলগৰ এখন হাস্পতাললৈ লৈ যায়। য’ত চিকিৎসকে শিশুটিৰ মুখ আৰু জিভাত ১৫০ টা চিলাই মাৰিবলগীয়া হয়।

candle blast
জন্মদিন উদযাপনৰ সময়তে ঘটিল মমবাতি বিস্ফোৰণ! গুৰুতৰভাৱে আহত শিশু… 2

শিশুটিৰ পিতৃ বিনোদে জানিবলৈ দিয়া মতে, জন্মদিন পালন কৰি তেওঁলোকে সকলোৱে বহি কথা পাতি আছিল। সেই সময়ত স্পাৰ্কল মমবাতি এডাল হাতত লৈ খেলি আছিল আৰহামে। আৰু তেনেতে সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় শিশুটি।

বৰ্তমান চিকিৎসাধীন হৈ থকা শিশুটিক সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে। মমবাতিৰ পৰা সংঘটিত এনে ভয়ংকৰ বিস্ফোৰণে চাঞ্চল্যৰ সৃষ্টি কৰিছে।