নিউজ ডেস্কঃ ২ আগষ্টৰ নিশা জন্মদিনৰ পাৰ্টীৰ পৰা উভতি অহাৰ পথত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নৈৰ বুকুত সলিল সমাধি ঘটে পিতা-পুত্ৰৰ! এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মিজোৰামত।
উল্লেখ্য যে, মিজোৰামৰ ৰাজধানী আইজলৰ সমীপৰ লেংপুই বিমান বন্দৰলৈ যোৱা ঘাইপথত মঙলবাৰে নিশা সংঘটিত হৈছিল দুৰ্ঘটনা। চাৰিজন যাত্ৰীয়ে যাত্ৰা কৰা এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওচৰৰ পথৰ পৰা বাগৰি নৈত বুৰ যায়।
এই দুৰ্ঘটনাৰ ফলত দুজন লোক আহত হোৱাৰ লগতে চি লালফাকজুয়ালা নামৰ ৩৯ বৰ্ষীয় ব্যক্তিজনৰ লগতে তেওঁৰ ১০ বৰ্ষীয় পুত্ৰ নৈৰ বুকুত সন্ধানহীন হৈ পৰে।

জানিব পৰা মতে, পিতৃ-পুত্ৰৰ লগতে বাহনখনত খকা চাৰিওজনে লেংটে গাঁৱৰৰ ওচৰৰ এখন পিকনিক ৰিজ’ৰ্টত অনুষ্ঠিত এটা জন্মদিনৰ পাৰ্টীৰ পৰা উভতি অহাৰ পথতে সন্ধিয়া প্ৰায় ৭ বজাত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়।
সন্ধিয়া তেওঁলোকে গৃহাভিমুখে আহি থকাৰ সময়ত লেংপুই গাঁৱৰ সমীপত বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি ট্লাং নৈত পৰাত সন্ধানহীন হৈ পৰে চি লালফাকজুয়ালা আৰু তেওঁৰ পুত্ৰ।
এই ঘটনাৰ পিছতে আৰক্ষীৰ লগতে নিকটৱৰ্তী গাঁও- চাইৰাং, ছিহমুই আৰু আইজলৰ পৰা ইয়ং মিজো এছ’চিয়েশ্যনৰ স্বেচ্ছাসেৱকসকলে সন্ধানহীন পিতৃ-পুত্ৰক বিচাৰি নৈৰ বুকুত অভিযান চলাই অৱশেষত উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ।
আনহাতে দুৰ্ঘটনাটোত আহত আন দুজন ব্যক্তিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।