জন্মদিনত মহানগৰবাসীলৈ বিশেষ উপহাৰ মুখ্যমন্ত্ৰীৰ, জু-ৰোড তিনিআলিত দুই লেনযুক্ত উৰণীয়া সেতুৰ মাংগলিক শুভাৰম্ভ

জন্মদিনৰ দিনাই মহানগৰবাসীলৈ বিশেষ উপহাৰ আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জু-ৰোডত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মহানগৰী ৰাধাগোবিন্দ বৰুৱা পথৰ জু-ৰোডত স্থাপন কৰা হ’ব দুই লেনযুক্ত উৰণীয়া সেতু৷ ৫৮০ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনত ব্যয় কৰা হ’ব ৭৮.৯৩ কোটি টকা৷

৭.৫০ মিটাৰ বহল হ’ব উৰণীয়া সেতুখন৷

অত্যধিক পাইল ফাউণ্ডচনেৰে সাজু কৰি উলিয়াবলগীয়া উৰণীয়া সেতুখন ১৮মাহৰ ভিতৰত সাজু কৰি উলিওৱাৰ সময়সীমা দিলে বিভাগৰ ফালৰ পৰা৷

অৰ্থাৎ দুই লেনযুক্ত উৰণীয়া সেতুখন ২০২৩ চনৰ বহাগ বিহুত মহানগৰবাসীয়ে লাভ কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, এখন ছেটেলাইট চিটী নিৰ্মাণৰ কথা চিন্তা-চৰ্চা কৰি থকা হৈছে।

ইফালে এই অনুষ্ঠানতে মহানগৰবাসীৰ বাবে কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰিছে। দিছপুৰ উৰণীয়া সেতু উদ্বোধনী অনুষ্ঠানতে ঘোষণা কৰা গুৱাহাটীৰ পৰা বামুণীমৈদাম সংযোগ কৰিবলগীয়া উৰণীয়া সেতুখনৰো নিৰ্মাণকাৰ্য চলিত বৰ্ষতেই আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।

আনহাতে ফাঁচীবজাৰত ফুট অভাৰব্রীজৰ কথাও উল্লেখ মুখ্যমন্ত্রীগৰাকীয়ে।

ইয়াৰ উপৰিও ‘শ্রদ্ধাঞ্জলি কাননৰ পৰা চিৰিয়াখানাক সংযোগ কৰি নিৰ্মাণ কৰা হ’ব আন এখন ফুট অভাৰব্রীজ।

মহানগৰীৰ কেবা স্থানতো নিৰ্মাণ কৰা হ’ব শীত-তাপ নিয়ন্ত্রিত বাছ ষ্ট’পেজ।

১৫ কোটি টকা ব্যয়ৰে সজাই-পৰাই তোলা হ’ব গীতা মন্দিৰ, গান্ধী মণ্ডপ। এই সকলো কাম আগন্তুক তিনিটা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, আজি ঘোষণা কৰা আঁচনিসমূহ কোনো পৰিকল্পনা নহয়, এই সমূহৰ কাম আৰম্ভ হ’ব দুই এদিনত আৰু ৩ বছৰত কাম সম্পূৰ্ণ হ’ব৷

Leave a Comment