জনপ্ৰিয় টিক টক্ তাৰকা ছিয়া কক্কৰে বাচি ল’লে আত্মহত্যাৰ পথ!

জনপ্ৰিয় টিক টক্ তাৰকা ছিয়া কক্কৰে বাচি ল’লে আত্মহত্যাৰ পথ!

June 26, 2020 0 By NEWS DESK

বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ পাছতে এইবাৰ দেশৰ জনপ্ৰিয় টিক টক্ তাৰকা ছিয়া খানে বাচি ল’লে আত্মহত্যাৰ পথ।

মাত্ৰ ১৬ বছৰ বয়সতে নিজৰ প্ৰতিভাৰ বলত জনপ্ৰিয় হৈ পৰা ছিয়া কক্কৰে হঠাতে কিয় এই পথ বাচি ল’লে, সেয়া এতিয়াও ৰহস্যাবৃত্ত।

নতুন দিল্লীৰ বাসগৃহত হােৱা এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

অৱশ্যে এই পৰ্যন্ত সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্ত্তত।

এনে আকস্মিক ঘটনাত হতচকিত হৈ পৰিছে কক্কৰৰ লাখ লাখ অনুৰাগী।

ছিয়াৰ মেনেজাৰে সংবাদ মাধ্যমক জনােৱা অনুসৰি, এটা নতুন গানৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি চলাইছিল ছিয়াই।

View this post on Instagram

Tag the person you miss❤️✨

A post shared by Siya Kakkar (@siya_kakkar) on

সেই সময়ত ছিয়াৰ মুখমণ্ডলত কােনাে চিন্তা বা উদ্বেগৰ চিন নাছিল।

উল্লেখ্য যে টিক টকৰ উপৰি ফেচবুক, ইষ্টাগ্ৰামতাে ছিয়া কক্কৰ অতি জনপ্ৰিয় আছিল।