জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ অসুস্থ, হৃদ ৰোগত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি…

জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ অসুস্থ।

শৰীৰ চৰ্চা কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে ৰাজু।

চিকিৎসকৰ মতে হৃদ ৰোগত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেতা ৰাজু শ্ৰীবাস্তৱ।

অভিনেতাগৰাকী অসুস্থ হৈ পৰাৰ পিছতে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয়।

হাস্পতালৰ অভিজ্ঞ চিকিসকৰ দলে তেওঁক নিৰীক্ষণ কৰি আছে আৰু কিছুদিন হাস্পতালতে ৰাখিব বুলি এক সূত্ৰই জনায়।   

অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান স্থিৰ বুলি জানিব পৰা গৈছে।

ষ্টেণ্ড আপ কমেডিয়ান ৰূপে প্ৰখ্যাত ৰাজু শ্ৰীবাস্তৱে মেইনে প্যাৰ কিয়া, বাজীগৰ, বম্বে টু গোৱা আদিৰ দৰে জনপ্ৰিয় হিন্দী ছবিত অভিনয় কৰিছে।