জনপ্ৰতিনিধি এজনে ফোন কৰিলে ৰেকৰ্ডিং কৰিব নোৱাৰে, এয়া সংবিধান বিৰোধীঃ মুখ্যমন্ত্ৰী…

জনপ্ৰতিনিধিৰে কথা পাতোতে ফোন ৰেকৰ্ডিং কৰা উচিত নহয়।
ফোন ৰেকৰ্ডিং কৰাটো সংবিধান বিৰোধী।
যিসকল চৰকাৰী কৰ্মচাৰীয়ে তেনে কাৰ্য কৰিছে সেয়া উচিত নহয়।
বিধায়ক অমিয় কুমাৰ ভূঞা-আৰক্ষী বিষয়াৰ ফোন ৰেকৰ্ডিং সন্দৰ্ভত এইদৰেই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সোমবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অমিয় ভূঞা আৰু আৰক্ষী বিষয়াৰ মাজৰ ভাইৰেল হৈ পৰা ফোন ৰেকৰ্ডিং সন্দৰ্ভত কয়,- চৰকাৰী বিষয়াই ফোন ৰেকৰ্ডিং কৰিছে আৰু সাংবাদিকক দি দিছে এইয়া ঠিক ব্যৱস্থা নহয়। তেনেকুৱা হ’লে ময়ো কাকো ফোন কৰিব নোৱাৰিম, কোনেও কাকোঁ ফোন কৰিব নাৱোৰিব।
ইয়াৰোপৰি তেওঁ কয়, মই ভাবোঁ যে ফোন ৰেকৰ্ডিংৰ অশুভ পৰম্পৰাটো আৰম্ভ হ’ব নালাগে।
অমিয় ভূঞাৰ ওপৰত যিখিনি অভিযোগ উঠিছে সেইখিনি দলীয় নেতৃত্বৰ দৃষ্টিগোচৰ হৈছে। সেয়া বিবেচনা কৰা হ’ব। আৰু তেখেতক যিখিনি উপদেশ,পৰামৰ্শ দিব লাগে দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
লগতে কয়- মন্ত্ৰী-বিধায়কে ফোন কৰিলে কথাখিনি শুনিব লাগে। জনপ্ৰতিনিধিক চৰকাৰী বিষয়াসকলে বা চৰকাৰী বিষয়াসকলক জনপ্ৰতিনিধিয়ে শত্ৰু হিচাপে যদিহে লয় তেন্তে বহু কাম পিছ পৰি যায়। ইয়াৰ প্ৰভাৱ বিহপুৰীয়াবাসীৰ ওপৰতহে পৰিব।
আনহাতে এই প্ৰসংগত দৃষ্টি দিবলৈ জিলা উপায়ুক্তকো মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে বুলি উল্লেখ কৰি কয় যে, ফোন ৰেকৰ্ডিং কৰাটো ভাৰতীয় সংবিধানৰ বিৰোধী। কিবা ঘটনা পোহৰলৈ আহিলেও, নাহিলেও সংবিধান আৰু আইনে ফোন ৰেকৰ্ডিং কৰিবলৈ অনুমতি নিদিয়ে।
উল্লেখ্য যে শেহতীয়াকৈ বিহপুৰিয়াৰ বিধায়ক অমিয় ভূঞাৰ দুটাকৈ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। এটা ফোন ৰেকৰ্ডিংত এগৰাকী পুৰুষ আৰক্ষী বিষয়াক ভাবুকি প্ৰদান কৰিছে বিধায়ক ভূঞাই আৰু আনটো ৰেকৰ্ডিংত এগৰাকী মহিলা আৰক্ষী বিষয়াক অনৈতিক ভাৱে নিৰ্দেশনা প্ৰদান কৰাত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বিধায়ক ভূঞাক নীতি শিক্ষা প্ৰদান কৰিছিল