fbpx
অসমীয়াৰাষ্ট্ৰীয়

‘জনগনমন’ৰ দৰে সমানে মৰ্যাদা প্ৰদান কৰা হওক ‘বন্দে মাতৰম’কঃ আদালতৰ দাৰস্থ বিজেপি নেতা

নিউজ ডেস্কঃ ‘জনগনমন’ৰ সমানেই মৰ্যাদা প্ৰদান কৰা হওক ‘বন্দে মাতৰম’ক। এই আহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে বিজেপি নেতা তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে। একে সময়তে প্ৰতিখন বিদ্যালয় আৰু শিক্ষানুষ্ঠানতো জনগনমন আৰু বন্দে মাতৰম বাধ্যতামূলক কৰাৰ আহ্বান জনায় বিজেপি নেতাগৰাকৰীয়ে।

আবেদনখনত কোৱা হৈছে- “আমাৰ ইতিহাসৰ এটা প্ৰতীক হৈছে ‘বন্দে মাতৰম’। যদি কোনো নাগৰিকে মুকলিকৈ বা গোপনে এই গীতটোক কোনো ধৰণে অসন্মান কৰে তেন্তে ইয়াক অসামাজিক কাৰ্যকলাপ বুলি গণ্য কৰা উচিত। এনে কাৰ্যই এটা সাৰ্বভৌম জাতিৰ নাগৰিক হিচাপে আমাৰ সকলো অধিকাৰ আৰু অস্তিত্ব বিপন্ন কৰিব।

দেশৰ প্ৰতিজন নাগৰিকে এনেধৰণৰ কাম-কাজৰ পৰা আঁতৰি থাকিব লাগে। আৰু যদি কোনোবাই বন্দে মাতৰমক অসন্মান কৰে তেন্তে তেওঁক তেনে কৰাৰ পৰা বাধা দিব লাগে।”

BREAKING] BJP leader, advocate Ashwini Kumar Upadhyay arrested over video  of anti-muslim sloganeering after his 'Bharat Jodo' rally

লগতে উপাধ্যায়ে উল্লেখ কৰিছে, ”আমি এটা জাতি হিচাপে গৌৰৱ কৰা উচিত। আমাৰ সংবিধান, আমাৰ জাতীয় সংগীত আৰু আমাৰ জাতীয় পতাকাক লৈ আমি গৌৰৱ কৰা উচিত। আৰু তেতিয়াহে আমি আমাৰ কষ্টৰে লাভ কৰা স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ সক্ষম হ’ম। বন্দে মাতৰমক প্ৰসাৰিত কৰাৰ বাবে ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজন আছে।”

বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত ‘বন্দে মাতৰম’এ ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও কোৱা হৈছে।

Celebrating the man who wrote 'Vande Mataram', Bankim Chandra Chattopadhyay  - Education Today News

উল্লেখ্য যে, ১৮৯৬ চনত কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে এই গীত পৰিৱেশন কৰা হৈছিল। এই গীতটোৱে ব্ৰিটিছৰ পৰা স্বাধীনতা কাঢ়ি লোৱাৰ প্ৰেৰণা হিচাপে কাম কৰিছিল।

আনহাতে ‘বন্দে মাতৰম’ শ্লোগানে দেশৰ বিপ্লৱীসকলক কেনেদৰে অনুপ্ৰাণিত কৰিছিল সেই কথাও উল্লেখ কৰা হৈছে আবেদনখনত।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!