জঘন্য! মহিলাক ধৰ্ষণ প্ৰতিবেশীৰ, আত্মৰক্ষাৰ চেষ্টা চলাওঁতে মৃত্যু ৩ মহীয়া শিশুৰ

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হ’ল ধৰ্ষণৰ এক জঘন্য ঘটনা।

এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা চলাওঁতে আত্মৰক্ষাৰ সময়তে আহত হৈ মৃত্যু ঘটে মহিলাগৰাকীৰ ৩ মহীয়া শিশুৰ।

এই ঘটনাক একাংশ লােকে গাপ দিয়াৰ অপচেষ্টা চলাইছিল যদিও অৱশেষত ফাদিল হ’ল সমগ্ৰ ঘটনা।

কামৰূপ জিলাৰ ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয়ৰ সীমান্তৱৰ্তী উকিয়াম-দীঘলবিল গাঁৱত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, অতি দুৰ্গম সীমান্তৱৰ্তী দীঘলবিল গাঁৱৰে ভূপেন ৰাভা নামৰ এজন বিবাহিত পুৰুষে প্ৰতিবেশী এগৰাকী বিবাহিত মহিলাক বলপূৰ্বক ধৰ্ষণ কৰে।

ঘটনাৰ সময়তে ঘৰত মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল।

মহিলাগৰাকীয়ে আত্মৰক্ষাৰ বাবে চেষ্টা চলাওঁতে দুৰ্ভাগ্যবশতঃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকীৰ ৩ মহীয়া শিশু।

পাছত মৃত্যু ঘটে এই দেৱশিশুটিৰ।

ইপিনে, ধৰ্ষণকাৰী ভূপেন ৰাভাই একাংশ স্থানীয় লােকৰ সহযােগত সমগ্ৰ ঘটনাক গাপ দিয়াৰ লগতে বুজাবুজিৰ বাবে উঠি পৰি লাগে যদিও অৱশেষত ব্যৰ্থ হয়।

বিগত ২৮ ছেপ্টেম্বৰত সংঘটিত এই ঘটনাত সবিশেষ ১১ অক্টােবৰতহে লাভ কৰে ছয়গাঁও আৰক্ষীয়ে।

এই খবৰ লাভ কৰিয়েই ছয়গাওঁ থানাৰ আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ১১ অক্টােবৰত গাঁওখনত অভিযান চলােৱা হয়।

গাঁওখনত উপস্থিত হৈ আৰক্ষীয়ে অতি দুৰ্গম স্থানৰ পৰা গাঁত খান্দি উলিয়ালে শিশুটিৰ মৃতদেহ।

লগতে গ্ৰেপ্তাৰ কৰে ধৰ্ষণ তথা শিশুৰ মৃত্যুৰ বাবে দায়ী লম্পট ভূপেন ৰাভাক।

এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ ছয়গাঁও অঞ্চলত। ঘটনাৰ উচিত তদন্ত কৰি ধৰ্ষণ তথা শিশুৰ মৃত্যুৰ বাবে দায়ী ভূপেন ৰাভাৰ কঠােৰতম শাস্তিৰ দাবী জনাইছে সচেতন মহলে।

লগতে এই ঘটনাক গাপ দিয়াৰ বাবে উঠি পৰি লগা চক্ৰটােক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে সচেতন মহলে।

Leave a Comment