জঘন্য কাণ্ড! কুলাংগাৰ পুত্ৰই বাহনেৰে আধা কিঃমিঃ বাট মহতিয়াই নিলে পিতৃক, মৃত্যু…

এক গাৰ নোম শিঁয়ৰি উঠা ঘটনা।

অতি জঘন্যভাৱে কুলাংগাৰ পুত্ৰই হত্যা কৰিলে নিজৰ পিতৃক।

সম্পত্তিৰ লোভ সামৰিব নোৱাৰি নিজৰেই পিতৃক অতি পৈশাচিক পৰিকল্পনাৰে হত্যা কৰে পুত্ৰই।

মালবাহী ব’লেৰ’ বাহনেৰে পুত্ৰই আধা কিলোমিটাৰ বাট মহতিয়াই হত্যা কৰিলে পিতৃক।

দৰঙৰ দলগাঁৱৰ অন্তৰ্গত গৰাঘাটত সংঘটিত হৈছে এক জঘন্য ঘটনা৷

ভূমি বিবাদক কেন্দ্ৰ কৰি মালবাহী ব’লেৰ’ বাহনেৰে পুত্ৰ তাহেৰ আলীয়ে মহতিয়াই হত্যা কৰিলে পিতৃ আব্দুল খালেকক৷

বাহনেৰে খুন্দিয়াই পিতৃক চোঁচৰাই লৈ যায় প্ৰায় আধা কিলোমিটাৰ পথ। ব’লেৰ বাহন খনৰ নম্বৰ AS 25 EC 3480.

জানিব পৰা মতে, পিতা পুত্ৰৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আছিল ভূমি বিবাদ৷ উক্ত বিবাদে আজি ৰূপ লয় ভয়ংকৰ পৰিণতিৰ।

ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত দলগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

ইফালে কুলাংগাৰ পুত্ৰই পিতৃক হত্যা কৰি নিজেই দলগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে তাহেৰ আলীৰ উচিত বিচাৰ কৰি ফাঁচি দিবলৈ আহব্বান জনাইছে।