নিউজ ডেস্কঃ বিজেপি তথা এনডিএৰ পিছত এইবাৰ বিৰোধীয়ে ঘোষণা কৰিলে বিৰোধীৰ উমৈহতীয়া উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। ৰাজস্থানৰ ভূমিপুত্ৰ তথা পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখড়ৰ বিৰুদ্ধে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বিৰোধীয়ে মনোনীত কৰিছে ৰাজস্থানৰে প্ৰাক্তন উপ-ৰাজ্যপাল মাৰ্গাৰেট আলভাক।
দেওবাৰে এনচিপিৰ প্ৰধান শৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত বিৰোধীৰ এক বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি উপ ৰাষ্ট্ৰপতি পদৰ বাবে মাৰ্গাৰেট আলভাৰ নাম ঘোষণা কৰে খোদ শৰদ পাৱাৰে।

উল্লেখ্য যে, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা ৫ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মাৰ্গাৰেট আলভাই কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ উত্তৰাখণ্ড, ৰাজস্থান আৰু গুজৰাটৰ ৰাজ্যপাল হিচাপেও দায়িত্ব নিৰ্বাহ কৰিছিল।
ইয়াৰ পূৰ্বে বিজেপিৰ সৰ্বভাৰতীয় অধ্যক্ষ জে পি নাড্ডাই শনিবাৰে বিজেপিৰ সংসদীয় দলৰ বৈঠকত বংগৰ ৰাজ্যপাল হিচাপে জগদীপ ধনখড় নাম ঘোষণা কৰে।
প্ৰণিধানযোগ্য যে, অহা ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন।