অসমীয়াঅসম

ছোৱালীজনীয়ে এইবাৰ মেট্ৰিক দিব, কিতাপখিনি আনিবও নাপালোঁ! গৃহহাৰা হৈ উচুপি উঠিল বটদ্ৰৱাৰ উচ্ছেদিত মহিলা…

নিউজ ডেস্কঃ বটদ্ৰৱাৰ উচ্ছেদক লৈ সৰৱ বিৰোধী।

মঙলবাৰে বিৰোধীৰ প্ৰতিবাদে কঁপালে সদনো।

সোমবাৰে পুৱাৰে পৰা বটদ্ৰৱাৰ কেইবাটাও স্থানৰ প্ৰায় ১১ হাজাৰ বিঘা ভূমিত আৰম্ভ হোৱা উচ্ছেদ অভিযানৰ পিছতে হাহাকাৰ লাগে উচ্ছেদিতৰ মাজত।

পুহমহীয়া জাৰত নিশা মুকলি আকাশৰ তলতে পাৰ কৰিবলগীয়া হ’ল ৩ শতাধিক পৰিয়ালে।

আনহাতে প্ৰশাসনে কোনো আগতীয়া জাননী নিদিয়াকৈয়ে এই অভিযান চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে উচ্ছেদিতই।

বহুতেই কয়- ‘আমি মাত্ৰ এদিনৰ সময় বিচাৰিছিলো। কিন্তু তাকো দিয়া নহ’ল।’

উচ্ছেদিত এগৰাকী মহিলাই কান্দি কান্দি ক’লে, ‘ছোৱালীজনীয়ে এইবাৰ মেট্ৰিক দিব। কিন্তু কিতাপখিনি আনিবলৈও সময় নাপালো।’

বিগত এসপ্তাহ ধৰি থানাত ৰান্ধনীৰ কামত ব্যস্ত হৈ আছে সেই মহিলাগৰাকীৰ স্বামী। কেম্পত কামত ব্যস্ত আছে পুত্ৰও।

কিন্তু তাৰ মাজতে সোমবাৰে হঠাৎ ভাঙি দিয়া হ’ল তেওঁলোকৰ সপোনৰ ঘৰখন।

মাৰ্চত অনুষ্ঠিত হ’বলগীয়া কন্যাৰ মেট্ৰিক পৰীক্ষাৰ পূৰ্বে এতিয়া গৃহহাৰা হৈ ভাগি পৰিছে সেই মহিলাগৰাকী।

বটদ্ৰৱাত অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ।

চৰকাৰৰ সেই সিদ্ধান্তক আদৰণি জনাইছে অনেকেই।

কিন্তু উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ কোনো চিন্তা নকৰাকৈ এনেদৰে গৃহহাৰা কৰি পেলোৱা চৰকাৰৰ হঠকৰী সিদ্ধান্তইও ব্যথিত কৰিছে সচেতন মহলক।

Related Articles

Back to top button