ছেলফিয়ে হ’ল কাল! জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ উটি গ’ল সুৰেশ…

ছেলফিয়ে কাল হ’ল এগৰাকী যুৱকৰ।

জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ উটি গ’ল এগৰাকী যুৱক।

কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত লাংভুকু জলপ্ৰপাতত সংঘটিত হৈছে এই কৰুণ ঘটনা।

শনিবাৰে লাংভুকু জলপ্রপাতত ছেলফি উঠিবলৈ গৈ পিছলি পৰে ডিমাপুৰৰ সুৰেশ চাকমা নামৰ ২৩ বছৰীয়া যুৱকজন।

জলপ্ৰপাতৰ ওপৰ অংশত ছেলফি লবলৈ গৈ পিচলি পৰি সন্ধানহীন সুৰেশ।

জানিব পৰা মতে ডিমাপুৰ ইউনীতি কলেজৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল সুৰেশ চাকমা।

ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধান চলাই যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল।

ঘটনাক লৈ আজি পুৱা জলপ্ৰপাতটোত মানজা আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে।

পানীৰ সোঁতত ছাত্ৰ গৰাকী কোনোবা শিলৰ সুৰংগত সোমাই যোৱাৰ সন্দেহ কৰা হৈছে।

SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমান লৈকে যুৱক জনৰ কোনো সম্ভেদ পোৱা নাই।

উল্লেখ্য যে, পৰীক্ষাৰ অন্তত সুৰেশ চাকমাই আন তিনি বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল লাংভুকু জলপ্রপাতত।