‘ছেমখৰ’ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ আইমী বৰুৱাৰ…

নিউজ ডেস্কঃ ৰাজ্যজুৰি অব্যাহত থকা ‘ছেমখৰ’ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ আইমী বৰুৱাৰ।

আইমী বৰুৱা পৰিচালিত আৰু অভিনীত ডিমাচা ভাষাৰ ছবি ‘ছেমখৰ’ৰ বাবে লাভ কৰে ৰজত কমল বঁটা।

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে আইমী বৰুৱাই।

photo1664550623
'ছেমখৰ’ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ আইমী বৰুৱাৰ… 3

উল্লেখ্য যে, তেওঁৰ ‘ছেমখৰ’ ছবিখনক লৈ শেহতীয়াকৈ ৰাজ্যত সৃষ্টি হৈছে বিতৰ্কৰ।

ছবিখনে ডিমাছা ভাষা-সংস্কৃতিক ভুলকৈ প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন হৈছে।

bota
'ছেমখৰ’ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ আইমী বৰুৱাৰ… 4

যাৰ বাবে সামাজিক মাধ্যমৰ লগতে ৰাজপথতো আইমী বৰুৱাৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ।

আনহাতে ছবিখনত আইমী বৰুৱাৰ কোলাত থকা এটি তিনি মাহ সম্পূৰ্ণ নোহোৱা শিশুৰ শ্বুটিঙৰ পিছতে মৃত্যু ঘটাক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ছবিখনৰ সৈতে জড়িত সকলে শিশুটিৰ স্বাস্থ্যক লৈ গুৰুত্ব নিদিয়াৰ বাবেই শিশুটিৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰথমে শিশুটিৰ পিতৃ-মাতৃয়ে ন্যায় দাবী কৰিছিল যদিও পিছত ৰহস্যজনকভাৱে কথাৰ সুৰ সলনি কৰাক লৈও তোলপাৰ লাগিছে সামাজিক মাধ্যমত।