fbpx
অসম

ছুটীত ঘৰলৈ গৈ মাওবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে অসমত কৰ্মৰত এগৰাকী সেনা জোৱানে…

মাওবাদীৰ আক্ৰমণত নিহত এগৰাকী ভাৰতীয় সেনাৰ জোৱান।

শনিবাৰে ছত্তীশগড়ৰ কাংকেৰ জিলাৰ আমাবেডা থানা এলেকাৰ গাঁও উছেলিত মাওবাদীৰ আক্ৰমণত নিহত হয় মতি ৰাম আঞ্চলা নামৰ এগৰাকী সেনা জোৱান।

মাওবাদীৰ আক্ৰমণত নিহত জোৱানজন অসমত কৰ্মৰত আছিল। এসপ্তাহৰ বাবে ছুটীত ঘৰলৈ গৈছিল জোৱানজন।

জানিব পৰা মতে, জোৱানজনে আমাবেডা আৰক্ষী থানাৰ অধীনস্থ নিজৰ গাঁও উছেলিত এখন মেলাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পিছতে অস্ত্ৰধাৰী মাওবাদীৰ এটা দলে তেওঁক গুলীয়াই হত্যা কৰে।

মাওবাদীৰ দলটোৱে অসামৰিক সাজ-পোছাক পৰিধান কৰি মেলাৰ ভিৰত উপস্থিত আছিল আৰু ঘটনাটো সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে দুয়োজন উগ্ৰপন্থী।

উল্লেখ্য যে এই ঘটনাটোৰ উপৰি শনিবাৰে পুৱা ছত্তীশগড়ৰ সুকমা জিলাত ডি আৰ জি জোৱান আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন জোৱান শ্বহীদ হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!