নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।
একে দিশত গৈ থকা আন এখন বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত স্কুটী।
থিতাতে মৃত্যু স্কুটী আৰােহী এগৰাকী মহিলাৰ, আহত আন এগৰাকী মহিলা আৰােহী।
এই পথ দুৰ্ঘটনাৰ স্থান ওদালগুৰিত জিলাৰ ওদালগুৰি-তামুলপুৰ পথৰ কাপুৰপুৰা।
এই দুৰ্ঘটনাত অজন্তা মৈইনালী নামৰ মহিলাৰ মৃত্যু হােৱাৰ উপৰি আহত হয় সংগীতা দৰ্জী নামৰ এগৰাকী মহিলা৷
জানিব পৰা মতে, ওদালগুৰিৰ পৰা মহিলা দুগৰাকীয়ে স্কুটীৰে ডিমাকুছি দিশে আহি থকা সময়তে একে দিশৰে পৰা আহি থকা AS-01AT-8632 নম্বৰৰ ছুইফ গাড়ীয়ে পাছফালৰ পৰা খুন্দা মাৰে৷
এই সংঘৰ্ষৰ পাছত দুৰ্ঘটনাত পতিত হয় স্কুটীখন।
পথৰ ওপৰতে বাগৰি পৰে দুই স্কুটী আৰােহী মহিলা।
ইপিনে, দুৰ্ঘটনাত গুৰুতভাৱে আহত হোৱা সংগীতা দৰ্জীক ওদালগুৰিৰ বনগাঁও স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাত নিহত অজন্তা মইনালী ধৰমজুলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাধান শিক্ষক ঈশ্বৰ মৈনালীৰ পত্নী বুলি জানিব পৰা গৈছে ৷
এই দুৰ্ঘটনাৰ কিছু দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত।
দুৰ্ঘটনা সংঘটিত কৰা ছুইফ ডিজায়ৰ চালকে পিছত পানেৰি থানাত গাড়ীসহ আত্মসমৰ্পণ কৰে।
মৃত্যুৰ সময়ত অজন্তা মৈনালীয়ে স্বামীৰ লগতে একমাত্ৰ কনমানি পুত্ৰ সন্তানক এৰি থৈ যায়।
লগতে চাওকঃ
একেলগে ৩ যমজ ভগ্নীক বিয়া এজন যুৱকৰ! সামাজিক মাধ্যমত চৰ্চিত এই ব্যতিক্ৰমী বিয়া