অসমীয়াঅসম

ছুইফ্ট গাড়ীৰে সৰবৰাহ হাৱালৰ ধন! গৌৰীপুৰত ২০ লাখ টকাসহ আটক ৪ সৰবৰাহকাৰী…

নিউজ ডেস্কঃ হাৱালৰ ধন সৰবৰাহৰ সময়তে গৌৰীপুৰত আটক ৪ সৰবৰাহকাৰী।

চাৰিচকীয়া বাহনেৰে হাৱালাৰ ধন সৰবৰাহৰ সময়ত আৰক্ষীয়ে অভিযান চলাই বাহনখন জব্দ কৰাৰ লগতে আটক কৰে সৰবৰাহকাৰী কেইজনক।

ধৃত সৰবৰাহকাৰী কেইজনৰ পৰিচয় চৌৰাঙ্গীমোৰৰ চাহিদুৰ ইছলাম, মধুশৌলমাৰী গাঁৱৰ ছাদিকুল হক, পূব টিয়ামাৰী গাঁৱৰ ছোলেমান আনছাৰী আৰু চালক ছানিদুল ইছলাম বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ধুবুৰী অভিমুখে এএছ ০১ডিএন ৬৫৮২ নম্বৰৰ এখন চুইফ্ট বাহনেৰে হাৱালাৰ ধন সৰবৰাহ কৰাৰ গোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে।

ইয়াৰ পিছতে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বাহনখন জব্দ কৰি ২০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়।

কিন্তু এই বৃহৎ পৰিমাণৰ ধনখিনি কাক দিবলৈ সৰবৰাহকাৰীয়ে আনিছিল সেয়া এতিয়াও জানিব পৰা নাই আৰক্ষীয়ে।

অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী কেইজনক জেৰা চলাই আছে আৰক্ষীয়ে।

Related Articles

Back to top button