ছিকিমত দুৰ্ঘটনাত পতিত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ কনভয়…

ছিকিমত দুৰ্ঘটনাত পতিত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ কনভয়।

গেংটকৰ পৰা বাগডোগ্ৰা বিমানবন্দৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত ৰোষণ নামৰ বাহনখনৰ চালকজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

টুইটাৰযোগে এই কথা সদৰি কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে।

তেওঁ টুইটযোগে লিখিছে, ‘আজি পুৱা প্ৰায় ৬.৪৫ বজাত আমাৰ পাইলট গাড়ীখনে বাগডোগ্ৰা বিমানবন্দৰলৈ যোৱাৰ পথত এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে।’

লগতে দুৰ্ঘটনাটোৰ ফলত চালকজন সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱা বুলিও সদৰি কৰিছে।