ছিংগাপুৰ অ’পেন ছুপাৰ-৫০০ৰ খিতাপ দখল পি ভি সিন্ধুৰ, বছৰৰ তৃতীয়টো খিতাপ লাভ…

নিউজ ডেস্কঃ ছিংগাপুৰত অনুষ্ঠিত অ’পেন ছুপাৰ-৫০০ বেডমিণ্টন টুৰ্ণামেণ্টত স্বৰ্ণজয়েৰে ভাৰতলৈ পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল অলিম্পিকত দুবাৰকৈ পদকজয়ী পিভি সিন্ধুৱে।
ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকীয়ে ছিংগাপুৰ অ’পেন চুপাৰ-৫০০ বিডেমিণ্টন টুৰ্ণামেণ্টতৰ মহিলাৰ ছিংগলছৰ চূড়ান্ত প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ আগশাৰীৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে দেওবাৰে ছিংগাপুৰ অপেন ২০২২ ৰ ফাইনেলত চীনৰ ৱাং ঝিয়িক পৰাস্ত কৰে।
প্ৰতিযোগিতাৰ ফাইনেলত সিন্ধুৱে চীনৰ ৱাং ঝীক ২১-৯, ১১-২১ আৰু ২১-১৫ ব্যৱধানত পৰাস্ত কৰে।
ইফালে, ছিংগাপুৰ অ’পেনত জয়ী হৈ কমনৱেলথ গেমছত স্বৰ্ণৰ দাবীও শক্তিশালী কৰিছে সিন্ধুৱে।

ছিংগাপুৰ অ’পেনৰ মহিলা একক ফাইনেলত চীনৰ ৱাং ঝি য়িৰ সৈতে এক কঠিন প্রতিযোগিতা মুখামুখি হয় পি ভি সিন্ধুৱে৷ প্ৰথম ৰাউণ্টত চীনা খেলুৱৈগৰাকীয়ে সুন্দৰ প্ৰদৰ্শন কৰিলেও পৰৱৰ্তী ৰাউণ্ডত পি ভি সিন্ধুৱে নিজৰ পাৰদৰ্শিতা দেখুৱায়।
উল্লেখ্য যে, চলিত বছৰত এয়া সিন্ধুৰ প্ৰথমটো চুপাৰ-৫০০ খিতাপ। ইয়াৰ পূৰ্বে তেওঁ ছুপাৰ-৩০০ টুৰ্ণামেণ্ট ছৈয়দ মোদী ইণ্টাৰনেচনেল আৰু ছুইছ অ’পেনৰ খিতাপ জয় কৰিছিল।
চলিত বৰ্ষৰ মাৰ্চ মাহত কোৰিয়া অ’পেন খিতাপ দখল কৰাৰ পিছত সিন্ধুৰ এয়া আছিল প্ৰথম ফাইনেল। একে সময়তে ৱাং ঝিয়ে ইয়াৰ পূৰ্বে জুন মাহত ইণ্ডোনেছিয়া অ’পেনৰ ফাইনেল খেলিছিল, য’ত তেওঁ টাই ট্জু ইঙৰ হাতত পৰাস্ত হৈছিল। ছিংগাপুৰ অ’পেন আছিল তেওঁৰ এই বছৰৰ দ্বিতীয়খন ফাইনেল।
ইয়াৰ পূৰ্বে সিন্ধুৱে ছিংগাপুৰ অ’পেনৰ ছেমি ফাইনেলত জাপানৰ ছাইনা কাৱাকামিক ২১-১৫, ২১-৭ গ’লত পৰাস্ত কৰিছিল। মাত্ৰ ৩১ মিনিটত এইখন খেলত জয়লাভ কৰিছিল সিন্ধুৱে। চলিত বৰ্ষত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল সিন্ধুৱে।
ছিংগাপুৰ অ’পেনৰ প্ৰথম ৰাউণ্ডত পিভি সিন্ধুৱে লিয়ান টানক পৰাস্ত কৰে। ইয়াৰ পিছত তেওঁ লিন নুয়েনক ১৯-২১, ২১-১৯ আৰু ২১-১৮ গ’লত পৰাস্ত কৰে। ভাৰতীয় শ্বাটলাৰগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত হান ইউইৰ বিৰুদ্ধে জয় লাভ কৰিছিল।
পি ভি সিন্ধু হৈছে ছিংগাপুৰ অপেনৰ এই খিতাপ জয় কৰা দ্বিতীয় ভাৰতীয় মহিলা শ্বাটলাৰ, আৰু সামগ্ৰিকভাৱে তৃতীয় ভাৰতীয়।
ইয়াৰ পূৰ্বে চাইনা নেহৱালে ২০১০ চনত আৰু বি চাই প্ৰনীতে ২০১৭ চনত ক্ৰমান্বয়ে মহিলা আৰু পুৰুষৰ একক প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিছিল।