fbpx
অসম

ছাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই জীৱন শেষ কৰিলে এজন প্লাট’ন কামাণ্ডেন্টৰে…

এক চাঞ্চল্যকৰ ঘটনা।

ছাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে এজন প্লাটন কামাণ্ডেন্টৰে।

নিহত কামাণ্ডেন্ট জনৰ নাম প্ৰবীণ গগৈ (৫৬) বুলি জানিব পৰা গৈছে।

শিৱসাগৰ জিলাৰ আৰক্ষী বিভাগত কৰ্মৰত আছিল নিহত প্ৰবীন গগৈ।

টেঙা পুখুৰীৰ নিজা বাসভৱনত যোৱা নিশা আৰক্ষী বিষয়াজনে এই ঘটনা সংঘটিত কৰে।

অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নত কৰ্মৰত আছিল প্ৰবীণ গগৈ।

আৰক্ষী বিষয়াজনক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল যদিও চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰে প্ৰবীন গগৈক।

ইতিমধ্যে আৰক্ষীয়ে প্ৰবীণ গগৈৰ ছাৰ্ভিচ পিষ্টল উদ্ধাৰ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আনহাতে অদ্যপি জানিব পৰা হোৱা নাই প্ৰবীণ গগৈয়ে কিয় তেনে এক সিদ্ধান্ত গ্ৰহণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!