অসম

ছাত্ৰ বৃত্তি কেলেংকাৰি! মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি পাঁচ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ…

ৰাজ্যত পুনৰ ছাত্ৰ বৃত্তিৰ নামত ভয়ংকৰ কেলেংকাৰি।

বৰপেটা জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কৰ্মচাৰী ছাত্ৰ বৃত্তি কেলেংকাৰিত জড়িত থকাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াভাৱে মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি অতি কমেও পাঁচজন লোকক গ্ৰেপ্তাৰ কৰেছে অসমৰ আৰক্ষীয়ে।

অসমৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰপেটা বঙাইগাঁও (বি বি) মহাবিদ্যালয়ৰ অধ্যক্ষ মাণিক আলীক।

ইয়াৰ উপৰি, বি বি কলেজৰ কনিষ্ঠ সহায়ক আবুল বাছাৰ আৰু বানিয়াৰাপাৰাৰ মহাবিদ্যালয়ৰ কনিষ্ঠ সহায়ক ছাজিদুল ইছলাম, খাবীৰুদ্দিন আৰু চেলিম মালিককো গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পূৰ্বে, ২ নৱেম্বৰত অসম আৰক্ষীয়ে ঈশান উদয় বৃত্তিৰ নামত ধন আত্মসাত কৰাৰ অভিযোগত জেহেৰুল ইছলাম আৰু হবিবুৰ ৰহমান নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে, সংখ্যালঘুৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক কেন্দ্ৰীয় চৰকাৰে ঈশান উদয় বৃত্তি প্ৰদান কৰি আহিছে।

Related Articles

Back to top button