
নিউজ ডেস্ক। নগাঁৱত ছাত্ৰনেতালৈ আৰক্ষীৰ গুলীচালনা। গুলী চালনাত আহত ছাত্ৰনেতা কীৰ্তি কমল বৰা।
নগাঁৱৰ পচলুখোৱা তিনিআলিত তালাচী চলাই থকা আৰক্ষীৰ এন্টি নাৰ্ক’টিকছ স্কোৱাডে গুলীয়ায় ছাত্ৰনেতাজনক।
গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তি কমল বৰাক বৰ্তমান ভৰ্তি কৰোৱা হৈছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত। ভৰিত গুলী লাগিছে ছাত্ৰ নেতাজনৰ।
মাতৃৰ বাবে ঔষধ নিবলৈ বাইক লৈ ওলাই অহাৰ পিছতে সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ অভিযোগ মতে তালাচী চলাই থকা আক্ৰমণ কৰিছিল যুৱকজনে। যাৰ বাবে ভৰিত গুলিচালনা কৰে আৰক্ষীয়ে।
আনহাতে, ছাত্ৰ নেতাজনৰ পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে পৰিকল্পিতভাৱে গুলিয়ায় কীৰ্তি কমলক।
পৰিয়ালৰ দাবী অনুসৰি, মদ-ভাং বাদেই, তামোল এখনো নাখায় কীৰ্তিকমলে। তেনে পৰিপ্ৰেক্ষিতত বিনা কাৰণত যুৱকজনক গুলীওৱাৰ অভিযোগ পৰিয়ালৰ।
যুৱকজনৰ ওপৰত গুলীচালনা কৰা খোদ আৰক্ষীৰ দলটোৱে সুৰাপান কৰি আছিল বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকৰ।
কীৰ্তিকমলৰ ঘৰৰ নিচেই সমীপত সংঘটিত হয় এই ঘটনা।
সুৰাসক্ত বাহন চালকৰ বিৰুদ্ধে তালাচী চলাই থকা এনটি নাৰ্ক’টিকছ স্কোৱাডে যুৱকজনৰ জ্যেষ্ঠ ভাতৃকো গুলীওৱাৰ ভাবুকি দিয়াৰ অভিযোগ।
নগাঁও কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক কীৰ্তিকমল বৰা।
ইফালে, অসামৰিক চিকিৎসালয়ত উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। তেওঁ নিজাববীয়াকৈ এই ঘটনাৰ তদন্ত কৰিব বুলি জানিবলৈ দিয়ে।
কোন সঁচা, কোন মিছা তাক লৈ নগাঁৱত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ।