
নিউজ ডেস্ক। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই এগৰাকী ছাত্ৰীক বিহা শাস্তিৰ ভাইৰেল ভিডিঅ’ক লৈ বৰ্তমানো অব্যাহত আছে প্ৰতিক্ৰিয়া।
হোৱাটছএপ গ্ৰুপত অধ্যাপিকাগৰাকীক লৈ এগৰাকী ছাত্ৰীয়ে কৰা কটু আৰু অশালীন মন্তব্যৰ পিছত বিশ্ববিদ্যালয়ত সকলোৰে সন্মুখত ছাত্ৰীগৰাকীক কাণত ধৰি উঠা-বহা কৰোৱাইছিল অধ্যাপিকাগৰাকীয়ে।

এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ খোদ অধ্যাপিকাগৰাকীয়ে কােনাে লোকৰ হতুৱাই ৰেকৰ্ড কৰি পৰৱৰ্তী সময়ত নিজে ভাইৰেল কৰাৰো অভিযোগ উত্থাপন হৈছে।
অধ্যাপিকা গৰাকীৰ এনে কাণ্ডৰ বাবে শেহতীয়াকৈ তেওঁক বিশ্ববিদ্যালয়খনৰ পৰা অব্যাহতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।

দৰাচলতে ভট্টদেৱ বিশ্ববিদ্যালয়ত যোৱা ৫ বছৰ ধৰি ঠিকাভিত্তিক নিযুক্তি লাভ কৰা অধ্যাপিকা জয়শ্ৰী দাসৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ এটা ২৭৫ জনীয়া হোৱাটছএপ গ্ৰুপত কটু আৰু অশালীন মন্তব্য কৰি এগৰাকী ষষ্ঠ ষন্মাসিকৰ ছাত্ৰীয়ে।
অধ্যাপিকাগৰাকীৰ ব্যক্তিগত জীৱনক লৈ অশালীন মন্তব্য কৰাৰ উপৰিও ৮ মাহ পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা তেওঁৰ পিতৃক লৈও অভব্য মন্তব্য কৰিছিল এইগৰাকী সংস্কাৰবিহীন ছাত্ৰীয়ে।
ইয়াৰ পিছতে ছাত্ৰীগৰাকীয়ে বা বিশ্ববিদ্যালয়খনৰ আন আন শিক্ষাৰ্থীসকলে যাতে ভৱিষ্যতে এনে ভুল নকৰে, তাৰ বাবে কৰ্তৃত্বসুলভভাৱে ছাত্ৰীগৰাকীক সকলোৰে সন্মুখত কাণত ধৰাই, শপত খুৱাই শাস্তি বিহিছিল অধ্যাপিকা জয়শ্ৰী দাসে।
পূৰ্বেই অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি সংস্কাৰহীনতাৰ পৰিচয় দিয়া ছাত্ৰীগৰাকীয়ে যাতে পিছত পুনৰ তেনে অভব্য আচৰণ নকৰে, তাৰ বাবে শাস্তি বিহা সময়ৰ ভিডিঅ’ আন এজন ছাত্ৰৰ দ্বাৰা ৰেকৰ্ড কৰোৱাইছিল পৰৱৰ্তী সময়ত স্বীকাৰো কৰিছিল জয়শ্ৰী দাসে।
কিন্তু সেই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে অধ্যাপিকাগৰাকীয়ে মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ কৰে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু অন্যান্য লোকে। ছাত্ৰীয়ে কৰা ভুলৰ ৰাজহুৱা শাস্তি বিহা অধ্যাপিকাগৰাকীক বিশ্ববিদ্যালয়ৰ পৰা বহিস্কাৰৰো দাবী জনায় অনেকে।
ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ পৰিষদৰ আহ্বানত বিশ্ববিদ্যালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাত বিশ্ববিদ্যালয় ছাত্র কল্যাণ পৰিষদৰ বিষয়ববীয়া, বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সভাপতি, সম্পাদক সমন্বিতে নেতৃত্ব আৰু প্ৰতিটো বিভাগৰে মুৰব্বী অধ্যাপকৰ মাজত সমগ্র বিষয়টো আলোচনা চলে। য’ত সৰ্বসম্মতি ক্রমে জয়শ্রী দাসক অপসাৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
পৰৱৰ্তী সময়ত সেই প্ৰস্তাৱ বিশ্ববিদ্যালয়খনৰ উপাচার্যলৈ প্ৰেৰণ কৰা হয়। এই প্ৰস্তাৱৰ ভিত্তিতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই জয়শ্রী দাসক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বিশ্ববিদ্যালয়খনৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লক্ষণীয়ভাৱে জয়শ্ৰী দাসক বিশ্ববিদ্যালয়খনৰ পৰা অপসাৰণ কৰাৰ পিছত বহুতে হৰ্ষোল্লাস কৰা দেখা গৈছে। বিশেষকৈ পৰীক্ষাৰ সময়ত অনুশাসন ভংগ আৰু নকল কৰাৰ ক্ষেত্ৰত খুব কঠোৰ হিচাপে পৰিচিত জয়শ্ৰী দাসৰ অপসাৰণৰ সিদ্ধান্তই বহু শিক্ষাৰ্থীক আনন্দিত কৰিছে।
কিন্তু এগৰাকী অধ্যাপিকাৰ বিৰুদ্ধে হোৱাটছএপ গ্ৰুপত অশালীন মন্তব্য কৰা এগৰাকী ছাত্ৰীক অনুশাসনমূলক শাস্তি বিহা জয়শ্ৰী দাসক অব্যাহতি প্ৰদানৰ সিদ্ধান্তই স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতৰ বাবে অনুশাসন ভংগ আৰু সংস্কাৰবিহীন জীৱন যাপনৰ বাবে প্ৰৰোচিত কৰা বুলিও একাংশই দুখ প্ৰকাশ কৰিছে।
লগতে চাওকঃ
পৃথিৱীৰ কোনো দেশতে অসমীয়াৰ দৰে সুবিধাবাদী জাতি নাই, বাংলাদেশীও অসমীয়াতকৈ ভালঃ পৰেশ বৰুৱা
