
নিউজ ডেস্কঃ কামৰূপ জিলাৰ ছয়গাঁৱত অনুষ্ঠিত ব্যতিক্ৰমী বৰশী বোৱা প্ৰতিযোগিতা অংশগ্ৰহণ কৰি ৪ লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’ল পশ্চিম বংগৰ এজন যুৱকে।
উল্লেখ্য যে, ছয়গাৱৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত ভুলুকাবাৰীত শংকৰ আজান ফিচ ফাৰ্মাৰ্ছ এছ’চিয়েশ্যনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হৈছিল এক ব্যতিক্ৰমী বৰশী বোৱা প্ৰতিযোগিতা।
ভুলুকাবাৰীৰ এটা প্ৰকাণ্ড পুখুৰীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে।
আনহাতে মনমোহা এই প্ৰতিযোগিতা উপভোগ কৰিবলৈ অঞ্চলটোত উপস্থিত হয় হাজাৰ হাজাৰ লোক।
এই প্ৰতিযোগিতাতে সকলোতকৈ ডাঙৰ মাছটো নিজৰ বৰশীৰে ধৰি ৪ লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় পশ্চিম বংগৰ বাবুল বল নামৰ যুৱকজনে।
অন্যহাতে প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ ২ লাখ টকা লাভ কৰে জোৰশিমলীৰ আচৰাফ আলীয়ে।
প্রতিযোগিতাখনত মুঠ ৩৭ গৰাকী প্রতিযোগীক প্ৰদান কৰা হয় পুৰস্কাৰ।