
নিউজ ডেস্কঃ কৰো বুলি ক’লে অসম্ভৱ একো নাই। যেতিয়া মানুহে কামক ভাল পাবলৈ শিকে, তেতিয়াই সফলতাই মুখত হাঁহি বিৰিঙাই তোলে। তাৰেই যেন উদাহৰণ ডিব্ৰুগড় জিলাৰ টিংখঙৰ কুঁৱৰীগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত নামনি গড়গুৰি গাঁৱৰ মায়াদেৱী কোঁৱৰ।
কম বয়সতে বহু কাম শিকিছে, বহু কাম কৰিছে মায়াদেৱী নামৰ যুৱতীগৰাকীয়ে। হাতত কোৰ লৈ পথাৰত আলি দিয়াৰ পৰা শাক-পাচলি লৈ সাপ্তাহিক বজাৰলৈ যোৱালৈকে সকলো সম্ভৱ কাৰ্যই কৰিছে মায়াদেৱীয়ে।
যি সময়ত যুৱক-যুৱতীয়ে হাতত দামী মোবাইল ফোন লৈ সামাজিক মাধ্যমত ৰীল ভিডিঅ’ বনায় লাইকছ বুটলে, সেই সময়ত নিজৰ পৰিশ্ৰম আৰু আচৰণৰে সমাজৰ পৰা প্ৰশংসা বুটলিছিল মায়াদেৱীয়ে।

মায়াদেৱীয়ে নিজেই কয়, ‘৫ মিনিটৰ ষ্টেটাছ মোৰ বাবে যথেষ্ট নহয়। মই মোৰ জীৱনটোক গঢ় দিব বিচাৰো। এটা দীঘলীয়া চাপ ৰাখি থৈ যাব বিচাৰো।’
সাধাৰণতে সমনীয়া যুৱক-যুৱতীয়ে কল্পনাও নকৰা অশেষ পৰিশ্ৰম আৰু দায়বদ্ধতাই আজি হাঁহি বিৰিঙাইছে মায়াদেৱীৰ লগতে পৰিয়ালটোৰ মুখত। কাৰণ সদ্যঘোষিত আৰক্ষী নিযুক্তি পৰীক্ষাত অসম আৰক্ষীৰ কমাণ্ডো হিচাপে নিৰ্বাচিত হৈ মায়াদেৱী কোৱৰ।
নামনি গড়গুৰি গাঁৱৰ চক্ৰ কোৱৰ আৰু সোনতৰা কোৱৰৰ তৃতীয় কন্যা মায়াদেৱীৰ এই সফলতাই সুখী কৰিছে অঞ্চলবাসীকো। মায়াদেৱীয়ে প্ৰতিদিন পুৱাই হাতত কোৰ লৈ পথাৰলৈ গৈছিল। নিজৰ বাৰীত নিজেই কোৰ মাৰি শাক-পাচলি ৰুইছিল। পথাৰৰ সোণোৱালী ধান নিজে হাতে চপাই ভঁৰাললৈ কঢ়িয়াইছিল। কেৱল সেয়াই নহয়, প্ৰতিটো দেওবাৰে টিংখং সাপ্তাহিক বজাৰত শাক-পাচলিও বিক্ৰী কৰিছিল মায়াদেৱীয়ে।
ৰুগীয়া পিতৃ আৰু ভাই-ভনী কেইটাৰ বাবে ইমানখিনি কষ্ট কৰিও সংগোপনে মায়াদেৱীয়ে এটা সপোন গুঁঠিছিল। সেয়া হৈছে- কমাণ্ডো হোৱাৰ। তাৰ বাবে প্ৰতিদিনে প্ৰস্তুতিও চলাইছিল যুৱতীগৰাকীয়ে। যেতিয়া গোটেই গাঁওখন টোপনিত নিতাল মাৰি থাকে, তেতিয়াই দৌৰিবলৈ গৈ শুই উঠাৰ আগতেই আকৌ উভতি আহিছিল। আৰু তাৰ পিছত আৰম্ভ হৈছিল মায়াদেৱীৰ দৈনন্দিন ৰুটিন।
এক কথাত ক’বলৈ গ’লে আজি মায়াদেৱী কোঁৱৰে জীৱনক জয় কৰিবলৈ সক্ষম হৈছে। ছ’চিয়েল মিডিয়াৰ ৫ মিনিটৰ ষ্টেটাছক বিশ্বাস নকৰা মায়াদেৱীয়ে লাভ কৰিছে কষ্টৰ ফল। সেয়ে আৰক্ষীৰ কমাণ্ডো হিচাপে নিজৰ এই সাফল্যত সুখী হৈছে। লগতে স্বস্তিৰ উশাহ এৰিছে যুৱতীগৰাকীৰ অভাৱৰ মাজেৰে চলা পৰিয়ালটোৱেও।
নিঃসন্দেহে মায়াদেৱী আন বহু যুৱক-যুৱতীৰ বাবে এটা প্ৰেৰণাৰ নাম হৈ বিৰিঙিছে আজি। সেয়ে তেওঁক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে গাঁওবাসীৰ লগতে বিভিন্নজনে। মায়াদেৱীক লৈ গৌৰৱাম্বিত টিংখংবাসীও।