fbpx
অসমীয়াৰাষ্ট্ৰীয়

ছ’চিয়েল মিডিয়াৰ শক্তি! ২০ বছৰ পূৰ্বে কামৰ সন্ধানত ডুবাইলৈ গৈ সন্ধানহীন হোৱা মাতৃৰ অৱশেষত সন্ধান ওলাল পাকিস্তানত…

নিউজ ডেস্কঃ সুদীৰ্ঘ ২০ বছৰ পূৰ্বে কাম কৰিবলৈ ডুবাইলৈ গৈছিল এগৰাকী মহিলা। কিন্তু তাৰ পিছতে সন্ধানহীন পৰা মহিলাগৰাকীৰ সন্ধান ২০ বছৰৰ পিছত লাভ কৰিলে পৰিয়ালে। সামাজিক মাধ্যমৰ শক্তিৰ জৰিয়তে পাকিস্তানত থকা ৫০ বৰ্ষীয় মহিলাগৰাকীৰ সন্ধান লাভ কৰে মুম্বাইৰ পৰিয়ালে।

জানিব পৰা মতে, মুম্বাইৰ কুৰুলাৰ নিৱাসী হামিদা বানোৰ নামৰ মহিলাগৰাকী ২০ বছৰ পূৰ্বে এটা এজেন্সীৰ জৰিয়তে ডুবাইলৈ ৰান্ধনীৰ কাম কৰিবলৈ গৈছিল। কিন্তু তাৰ পিছতে পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱা হৈ পৰে হামিদাৰ। অশেষ চেষ্টা কৰিও পৰিয়ালে সন্ধান লাভ কৰা নাছিল মহিলাগৰাকীৰ।

কিন্তু শেহতীয়াকৈ পাকিস্তানৰ এগৰাকী ইউটিউবাৰৰ এটা ভিডিঅ’ৰ জৰিয়তে হামিদা বানো নামৰ ২০ বছৰ পূৰ্বে সন্ধানহীন হোৱা মহিলাগৰাকীৰ সম্ভেদ লাভ কৰে পৰিয়ালে।

পাকিস্তানৰ ইউটিউবাৰ মাৰূফে নিজৰ ইউটিউব চেনেলত হামিদা বানোৰ এটা ভিডিঅ’ আপলোড কৰে। তেওঁ জনোৱা মতে, বৰ্তমান এইগৰাকী মহিলা পাকিস্তানৰ হায়দৰাবাদত থাকে আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ আছে। তেওঁৰ পৰিয়ালটো মুম্বাইৰ কুৰলাত থাকে।

ভিডিঅ’টোত বানোৱে জনাইছে যে ২০ বছৰ পূৰ্বে তেওঁ ডুবাইলৈ গৈছিল আৰু তাৰ পৰা তেওঁক চোৰাংভাৱে পাকিস্তানলৈ লৈ যোৱা হৈছিল। ইউটিউবাৰ মাৰূফে এই ভিডিঅ’টোৰ জৰিয়তে তেওঁৰ মুম্বাইত থকা অনুৰাগী কোনোবাই মহিলাগৰাকীক চিনি পালে যোগাযোগ কৰিবলৈও আহ্বান জনায়।

ইফালে এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ আধাঘণ্টাৰ ভিতৰতে মুম্বাইৰ কুৰলাৰ কছাইৱাড়া অঞ্চলত বাস কৰা বানোৰ কন্যা ইয়াছমিন বছিৰ শ্বেইখে মাতৃৰ বিষয়ে জানিব পাৰি তাৰ পিছতে ইউটিউবাৰজনৰ সৈতে যোগাযোগ কৰে।

image 38

ইয়াছমিনে জানিবলৈ দিয়া মতে, ২০০২ চনত তেওঁৰ মাতৃ কামৰ লগত জড়িত এজেণ্টৰ জৰিয়তে ডুবাইলৈ গৈছিল। তেতিয়াৰ পৰাই তেওঁৰ সৈতে কোনো যোগাযোগ হোৱা নাই। ইয়াছমিনে কয়, ‘আমি আনন্দিত যে আমাৰ মা জীয়াই আছে। এতিয়া আমি বিচাৰো চৰকাৰে তেওঁক ঘূৰাই অনাত সহায় কৰক।’

হামিদা বানোৱে জনোৱা মতে, যেতিয়া তেওঁক পাকিস্তানলৈ অনা হৈছিল তেতিয়া তেওঁক এগৰাকী তামিল মহিলাৰ সৈতে এটা জুপুৰিত বন্দী কৰি ৰখা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ তাৰ পৰা পলায়ন কৰি কৰাচীলৈ যায়। তাতে তেওঁ কেতবোৰ সৰু সৰু সামগ্ৰী বিক্ৰী কৰি খাদ্যৰ যোগাৰ কৰিছিল। কিন্তু ঘৰ নথকাৰ বাবে ৰাতি ফুটপাথতে তেওঁ শুব লগীয়া হৈছিল।

কিন্তু সৌভাগ্যক্ৰমে ২০১০ চনত বানোৱে এজন পাকিস্তানী পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এতিয়া পাকিস্তানত তেওঁৰ আছে ৪টাকৈ পুত্ৰ সন্তান।

জানিব পৰা মতে, হামিদাৰ প্ৰথম বিবাহ সম্পন্ন হৈছিল ভাৰতত মহম্মদ হানিফ শ্বেইখ নামৰ লোকজনৰ সৈতে। তেওঁলোকৰ দুজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে। কিন্তু স্বামী মদ্যপায়ী হোৱা বাবে সন্তানৰ ভোৰণ পোষণৰ দায়িত্ব নিজে লৈ তেওঁ ঘৰে ঘৰে কাম কৰিবলগীয়া হৈছিল।

বানোৱে জনোৱা মতে, ২০০২ চনত মুম্বাইত এগৰাকী মহিলাই বানোক কামৰ বাবে ডুবাইলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তাৰ পিছতে তেওঁ হামিদাক ডুবাইলৈ লৈ যোৱা হয় যদিও তেওঁৰ পাছপৰ্টখন নিজৰ লগতে ৰাখি থয় মহিলাগৰাকীয়ে। আনপিনে ডুবাইত কিছুদিন থকাৰ পিছতে হামিদা বানোক পাকিস্তানলৈ গোপনে প্ৰেৰণ কৰা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!