ছ’চিয়েল মিডিয়াত আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰি পুনৰ গ্ৰেপ্তাৰ লখিমপুৰৰ যুৱক

নিউজ ডেস্কঃ ৰাজ্যৰ যুৱক-যুৱতীৰ মাজত এতিয়াও অব্যাহত আছে অৰণ্য গমনৰ প্ৰৱণতা। উজনি-নামনিৰ বহু যুৱক-যুৱতীয়ে বিগত সময়ত বাচি লৈছে সশস্ত্ৰ সংগ্ৰামৰ পথ। কেৱল আলফা স্বাধীনতে নহয়, নিষিদ্ধ ঘোষিত কেএলঅ’ আৰু আন আন সংগঠনসমূহতো যোগ দিছে অগণন যুৱক-যুৱতীয়ে।

ৰাজ্যৰ চফল যুৱক-যুৱতীয়ে এনেদৰে সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা সময়তে আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল লখিমপুৰৰ এজন যুৱক।

niranjan doley
ছ’চিয়েল মিডিয়াত আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰি পুনৰ গ্ৰেপ্তাৰ লখিমপুৰৰ যুৱক 2

জানিব পৰা মতে, লখিমপুৰৰ পূব ছাগলীকটা গাঁৱৰ নিৱাসী নিৰঞ্জন দলে নামৰ ২২ বৰ্ষীয় যুৱকজনে আলফা স্বাধীনৰ সমৰ্থনত নিজৰ ফেচবুক একাউণ্টযোগে পোষ্ট কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেই আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি লখিমপুৰত গ্ৰেপ্তাৰ হৈছিল ৬ জনকৈ যুৱক। যুৱক-যুৱতীৰ অৰণ্য গমনৰ মানসিকতা সলনি কৰাৰ স্বাৰ্থত আৰক্ষী, প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে যদিও বিগত কিছুদিনত এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক-যুৱতী গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে আলফাৰ সমৰ্থনত পোষ্ট কৰি।