চৰকাৰৰ ভাত খাই চৰকাৰৰে বদনাম কৰিব নোৱাৰেঃ ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন সন্দৰ্ভত মন্তব্য ভৱেশ কলিতাৰ

নিউজ ডেস্কঃ চৰকাৰৰ ভাত খাই চৰকাৰকে গালি পাৰিব নোৱাৰে ভিক্টৰ দাসে। ভিক্টৰৰ এনে কাৰ্যৰ বাবে তেওঁক নিলম্বন কৰা হৈছে টেট শিক্ষকৰ চাকৰিৰ পৰা। ভিক্টৰৰ গ্ৰেপ্তাৰ আৰু নিলম্বন প্ৰসংগত এইবাৰ এনেদৰে মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভৱেশ কলিতাই কয়, ‘ভিক্টৰ দাস এজন শিক্ষক হয়। চৰকাৰৰ ভাত খাই চৰকাৰৰ বদনাম কৰিব নোৱাৰেতো।’’

আনহাতে ভিক্টৰ দাসে চৰকাৰৰ পৰা দৰমহা লৈ কোচিং চেণ্টাৰ চলাই থকাটো আইন বিৰোধী কাৰ্য বুলি অভিহিত কৰে ভৱেশ কলিতাই।

উল্লেখ্য যে, নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলিছিল ভিক্টৰ দাস নামৰ টেট শিক্ষকগৰাকীয়ে। মহানগৰীত কোচিং চেণ্টাৰত টিউটৰ হিচাপেও শিক্ষাদান কৰা ভিক্টৰ দাসৰ এই অভিযোগ উৰা বাতৰি আখ্যা দি পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে।

অৱশ্যে সাত দিন আৰক্ষীৰ জিম্মাত পাৰ কৰাৰ পিছত অন্তৱৰ্তীকালীন জামিন লাভ কৰি অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় ভিক্টৰ দাস। কিন্তু তাৰ পিছতে তেওঁক টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰা হয়।