
নিউজ ডেস্কঃ মহিলা ক্ৰিকেটত অসমক প্ৰতিনিধিত্ব কৰি বিভিন্ন ৰাজ্যত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী প্ৰাক্তন মহিলা ক্ৰিকেটাৰৰ আজিৰ অৱস্থাই উদ্বিগ্ন কৰিছে সচেতন মহলক।
গুৱাহাটীৰ এইগৰাকী মহিলা ক্ৰিকেটাৰে এদিন ক্ৰিকেটৰ জৰিয়তেই জগত জিনাৰ সপোন দেখিছিল।
কিন্তু সময়ৰ পাকচক্ৰত সৰ্বস্ৰান্ত হোৱা এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ আজি থাকিবলৈ নাই এটা নিজা ঘৰ।
দুবেলা দুমুঠিৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হোৱা মহিলাগৰাকীয়ে তাহানিতে ক্ৰিকেট খেলি লাভ কৰা প্ৰমাণ পত্ৰসমূহ বুকুত বান্ধি ঘূৰ্মুটিয়াই ফুৰিছে অলপ সাহায্যৰ বাবে।

নাম তেওঁৰ বীণা ৰাভা।
গুৱাহাটীৰ এইগৰাকী মহিলা অলৰাউণ্ডাৰে এদিন অসমৰ হৈ বিভিন্ন ৰাজ্যত ক্ৰিকেট খেলি সকলোৰে হৃদয় জিনিছিল।
আনকি তেওঁৰ খেল দেখি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়েও তেওঁক চাকৰিৰ বাবে মাতি পঠিয়াইছিল।
কিন্তু ডাক বিভাগৰ হেমাহিয়েই ভাগ্যৰ চকৰি সলালে বীণা ৰাভাৰ।
ক্ৰীড়া পেঞ্চনৰ পৰা বঞ্চিত বীণা ৰাভাই লাভ কৰা নাই কোনো চৰকাৰী সুবিধা।

যাৰ বাবে দুখ, ক্ষোভৰ মাজেৰেই কঠোৰ জীৱন যাপন কৰি আছে খেলুৱৈগৰাকীয়ে।
অৰ্থৰ অভাৱত খেল খেলি আঘাত পোৱা হাতখনৰো চিকিৎসা কৰিব পৰা নাই একালৰ সুদক্ষ মহিলা ক্ৰিকেটাৰগৰাকীয়ে।
চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলুৱৈগৰাকীক কিবা এটা সুবিধা দিবলৈ আহ্বান প্ৰাক্তন ক্ৰিকেটাৰ বীণা ৰাভাৰ।
উল্লেখ্য যে এই দুৰ্ভগীয়া মহিলা ক্ৰিকেটাৰগৰাকীৰ আজি পৰ্যন্ত খবৰ নল’লে চৰকাৰ, অসম ক্ৰিকেট সন্থাই।