চৰকাৰৰ পৃষ্ঠপোষকতাত স্থাপন কৰা হৈছিল গোৱালপাৰাৰ মিঞা মিউজিয়ামঃ বিস্ফোৰক দাবী সাংসদ অজিত ভূঞাৰ…

নিউজ ডেস্কঃ ৰাজ্যৰ জ্বলন্ত সমস্যা সমূহৰ পৰা মানুহক আঁতৰাই ৰাখিবলৈকে চৰকাৰৰ পৃষ্ঠপোষকতাত স্থাপন কৰা হৈছিল মিঞা মিউজিয়াম।

এই বিস্ফোক অভিযোগ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ।

ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা মিঞা মিউজিয়াম প্ৰসংগত নিজৰ মত ব্যক্ত কৰি সাংসদ অজিত কুমাৰ ভূঞাই কয় যে বিজেপি-আৰএছএছ আৰু মৌলবাদী শক্তিৰ উদ্যোগতে মিঞা মিউজিয়াম স্থাপন কৰা হৈছিল।

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, সামাজিক বৈসম্য আদিৰ দৰে সমস্যাৰ পৰা মানুহৰ দৃষ্টি যাতে আঁতৰাই ৰাখিব পাৰি, তাৰ বাবে চৰকাৰে এনে কাৰ্য্যক আদৰণি জনায় আৰু পৃষ্ঠপোষকতা কৰে বুলিও মন্তব্য কৰে অজিত কুমাৰ ভূঞাই।

মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন হোৱা সময়খিনি বিশেষভাৱে উনুকিয়াই দি সাংসদ গৰাকীয়ে কয় যে ইয়াৰ আঁৰত এক অভিসন্ধি আছে।

উল্লেখ্য যে, সদৌ অসম মিঞা পৰিষদে গোৱালপাৰা জিলাৰ লক্ষীপুৰত স্থাপন কৰিছিল মিঞা মিউজিয়ামটো।

অসমীয়াৰ সম্পদ চুৰি কৰি স্থাপন কৰা এই মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে গোৱালপাৰা জিলা প্ৰশাসনে ছীল কৰে মিউজিয়ামটো।

ইফালে আল কায়দাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই মিউজিয়াম স্থাপনত আগভাগ লোৱা অসম মিঞা পৰিষদৰ দুই নেতাকো।