
নিউজ ডেস্কঃ চৰকাৰে লোৱা কৰ-কাটলৰ লগত পূজাৰ চান্দাৰ তুলনা কৰা মানুহসকলেই হৈছে অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু। -এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
পূজাৰ সময়ত চান্দা সংস্কৃতিৰ বিৰুদ্ধে পুনৰ এবাৰ মুখ্যমন্ত্ৰী সৰৱ হৈ পৰাৰ পিছতে উত্থাপন হৈছে চৰকাৰে বিভিন্ন ধৰণে গ্ৰহণ কৰি অহা কৰ-কাটলৰ প্ৰসংগ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে লোৱা কৰ কাটলৰ লগত পূজাৰ চান্দাৰ তুলনা নহয়।
টোল গেটৰ চান্দাটোৱে ৰাষ্ট্ৰ নিৰ্মাণত সহায় কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
তেওঁ কয় যে চৰকাৰে লোৱা টোল কৰ পথ মেৰামতি, উৰণীয়া সেতু আদি নিৰ্মাণত ব্যৱহাৰ কৰা হয়। কৰৰ টকাৰে বৰ্তমান অসমত ৬ লেনযুক্ত হাইৱে নিৰ্মাণ হৈ আছে।
সেয়ে চৰকাৰে লোৱা কৰ কাটলৰ সৈতে পূজাৰ চান্দাৰ তুলনা কৰা সকলেই অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
তেওঁ লগতে কয় যে এনে লোকসকলে যিকোনো প্ৰকাৰে চান্দা সংস্কৃতিৰ সৈতে জড়িত হৈ থাকিব বিচাৰে।