চৰকাৰে নতুন SOPৰে অসমীয়াৰ আবেগক অৱমাননা কৰিছেঃ সাংসদ গৌৰৱ গগৈ

“৩১ডিচেম্বৰৰ নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই ৰাজপথলৈ ওলাই আহি সজাগতাৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া জাতিৰ উৎসৱ ভোগালী বিহুৰ সময়ত চৰকাৰে ভেলাঘৰলৈ অসমীয়াক যোৱাত বাধা দিছে। ইয়াৰ দ্বাৰা চৰকাৰে নিজকে কিমান ক্ষমতাকেন্দ্ৰিক আৰু প্ৰচাৰকেন্দ্ৰিক সেয়াই প্ৰমাণ কৰিছে।”

চৰকাৰৰ নতুন SOPক লৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপকালত সাংসদ গৰাকীয়ে নতুন SOP য়ে অসমীয়াৰ আবেগক অৱমাননা কৰা বুলি দাবী কৰে।

G8

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ চৰকাৰে কেৱল প্ৰচাৰ আৰু ক্ষমতাৰ বাবে কাম কৰে।

আনহাতে মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয়, “যদি চৰকাৰৰ ওচৰত টকা আছে, তেন্তে তাৰ পৰা দৰমহা দিয়ক। কিন্তু সাধাৰণ জনতাৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা জাপি দি কিয় কৰ আদায় কৰিছে?”

যদি চৰকাৰৰ ওচৰত টকা নাই, তেন্তে ডাঙৰ ডাঙৰ কোম্পানীৰ ওপৰত কৰ লগোৱা উচিত আৰু ধনী শ্ৰেণীয়ে ব্যৱহাৰ কৰা সামগ্ৰীৰ ওপৰত জিএছটি বঢ়োৱা উচিত বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। কিন্তু তাৰ বিপৰীতে সাধাৰণ শ্ৰেণীয়ে ব্যৱহাৰ কৰা মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কিয় বঢ়াব লাগে বুলিও প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে।

চৰকাৰৰ এনে কাম-কাজত অতীষ্ঠ হৈয়ে এতিয়া বিজেপি শাসিত বহু ৰাজ্যৰ পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচনত জনতাই কংগ্ৰেছক ভোট দিছে বুলিও মন্তব্য কৰে কলিয়াবৰ সমষ্টিৰ সাংসদ গৰাকীয়ে।

Leave a Comment