অসম

চৰকাৰে আমন্ত্রণ জনোৱা আলোচনাত অংশগ্রহণ নকৰে ৬ জনগোষ্ঠী ঐক্য মঞ্চই, প্ৰতিবাদী কাৰ্যসূচী ঘোষণা…

শেহতীয়াকৈ দেশৰ ৫ খন ৰাজ্যৰ একাধিক জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ পিছতে জাঙোৰ খাই উঠিছে অসমৰ জনগোষ্ঠীয় ঐক্য মঞ্চ।

চৰকাৰে আমন্ত্রণ জনোৱা আলোচনাত অংশগ্রহণ নকৰে ৬ জনগোষ্ঠী ঐক্য মঞ্চই।

২১ ছেপ্টেম্বৰত ৬ জনগোষ্ঠী ঐক্য মঞ্চক আলোচনালৈ আমন্ত্রণ জনাইছিল চৰকাৰে।

কিন্তু এই আলোচনাত অংশ গ্ৰহণ কৰাৰ বিপৰীতে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে ঐক্য মঞ্চই।

২২ ছেপ্টেম্বৰত জনতা ভৱন ঘেৰাও কাৰ্যসূচী ঘোষণা কৰে ৬ জনগোষ্ঠী ঐক্য মঞ্চই।

আটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে কয় যে, চৰকাৰৰ আলোচনা কেৱল গণতান্ত্রিক আন্দোলন মষিমূৰ কৰাৰ। চৰকাৰে বাৰে-বাৰে আলোচনা কৰি থাকে, কিন্তু তাৰ কোনো উত্তৰ নাই। চৰকাৰখন বিগত চৰকাৰতকৈ এখোপ চৰা। নিৰ্বাচন বৰ্জন নকৰো, কিন্তু চৰকাৰক প্রত্যুত্তৰ দিম।

লগতে ত্রিপাক্ষিক বৈঠক কৰিলেহে আলোচনাত অংশগ্রহণ কৰিম বুলি হুংকাৰ দিয়ে ঐক্য মঞ্চৰ নেতৃত্বই।

উল্লেখ্য যে, ছত্তীশগড়, তামিলনাডু, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ একাধিক জনজাতিক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছিল কেন্দ্ৰীয় কেবিনেটে।

কিন্তু জনজাতিকৰণৰ আওতালৈ নাহিল অসমৰ ছয় জনগোষ্ঠী।

অসমৰ ৬ জনগোষ্ঠীক লৈ লোৱা নহ’ল কোনো ধৰণৰ সিদ্ধান্ত।

সূদীৰ্ঘ দিন ধৰি চলি থকা আন্দোলনৰ পাছতো পূৰণ নহ’ল জনজাতিকৰণৰ দাবী।

Related Articles

Back to top button