চৰকাৰী সাহায্যৰ ধন উলিয়াবলৈ গৈ গ্ৰাহকৰ হেঁচা-ঠেলাত মাতৃৰ কােলাতে শিশুৰ মৃত্যু!

চৰকাৰী সাহায্যৰ ধন উলিয়াবলৈ গৈ গ্ৰাহকৰ হেঁচা-ঠেলাত মাতৃৰ কােলাতে শিশুৰ মৃত্যু!

December 31, 2020 0 By NEWS DESK

নিউজ ডেস্ক। এক কৰুণ ঘটনা। চৰকাৰী সাহায্যৰ ধন উলিয়াবলৈ গৈ বেংকৰ গ্ৰাহকৰ দীঘলীয়া শাৰীত হেঁচা-ঠেলাৰ বাবেই মাতৃৰ কােলাত প্ৰাণ গ’ল কণমানি শিশুৰ।

এই শােকাৱহ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ নেমুগুৰি স্থিত অসম গ্ৰামীণ বেংকৰ শাখাত।

জানিব পৰা মতে, চৰকাৰী সাহায্যৰ ২ হাজাৰ টকা উলিয়াবলৈ নিজৰ তিনিমহীয়া শিশুক কােলাত লৈ বেংকলৈ গৈছিল বকতা বৰপিয়ালহাবি গাঁঁৱৰ খগেন তাঁঁতীৰ পত্নী মিনু তাঁতীয়ে।

শীতৰ মাজতে পুৱাৰ ভাগতে বেংকৰ সন্মুখত কােলাত কেঁচুৱা লৈ শাৰী পাতিছিল মহিলাগৰাকীয়ে। কিন্তু অতি কম সংখ্যক কৰ্মচাৰী থকা বাবে দীঘলীয়া সময় শাৰীত থাকিবলগীয়া হয় মহিলাগৰাকী।

ইয়াৰ উপৰি গ্ৰাহকৰ ভিৰৰ বাবে এক বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয় আৰু হেঁচা-ঠেলাৰ বাবে মহিলাগৰাকীৰ কােলাতে চেপা খাই কেঁচুৱাটিয়ে প্ৰাণ ত্যাগ কৰে।

এই শােকাৱহ ঘটনাক লৈ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে শােকাৱহ ঘটনাৰ পুনৰাবৃত্তি ৰােধ কৰাৰ লগতে গ্ৰাহকক এনে হাৰাশাস্তিৰ পৰা সকাহ দিবলৈ বেংক কৰ্তৃপক্ষক বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে সচেতন স্থানীয় লােকে।

লগতে চাওকঃ

পথৰ পৰা বৰফ আঁতৰাবলৈ ব্যৱহাৰ কৰিলে জুই! ভিডিঅ’ ভাইৰেল

পঞ্চায়ত কাৰ্যালয়ত ছুইপাৰ হিচাপে কৰ্মৰত মহিলা নিৰ্বাচিত হ’ল পঞ্চায়তৰ সভানেত্ৰী!

বিদেশী হিচাপে ঘোষিত হৈ ডিটেনশ্যন কেম্পত কটালে ডেৰ বছৰ! অৱশেষত ভাৰতীয় হিচাপে স্বীকৃতি লাভ

গামোচাত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিৰে চৰ্চিত হৈছে এগৰাকী বড়াে মহিলা!