চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কাৰ পৰা ঘােচ ল’ব নালাগে? ক’লে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয়সমূহৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে কঠােৰ পদক্ষেপ।

এই অভিযানৰ মাজতে ঘনে-ঘনে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আটক হৈছে চৰকাৰী বিষয়া-কৰ্মচাৰী।

ইয়াৰ মাজতে শনিবাৰে কােকৰাঝাৰত অনুষ্ঠিত বিটিআৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণ প্ৰসংগত চৰকাৰী কাৰ্যালয়ত দুৰ্নীতি প্ৰতিৰােধ কৰা সন্দৰ্ভত কেতবােৰ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে যদি কােনােবাই অসমীয়া জাতিক ভাল পায়, তেন্তে কােনাে অসমীয়াৰ পৰা ঘােচ নল’ব।

অনুৰূপ ধৰণে কােনাে লােকে যদি বড়াে জাতিক ভাল পায়, তেন্তে বড়াে জনগােষ্ঠীৰ লােকৰ পৰা উৎকােচ ল’ব নালাগে।

চাওক মুখ্যমন্ত্ৰী ভাষণঃ

উল্লেখ্য যে প্ৰমোদ বড়ো নেতৃত্বধীন মিত্ৰজোঁট বিটিআৰ পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে কােকৰাঝাৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে কোকৰাঝাৰ গ্ৰীণ ফিল্ডৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে চান্দামাৰীত উপস্থিত হয়।

অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰী আৰু জিৰণ বসুমতাৰীয়ে মুখ্যমন্ত্ৰী গৰাকীক আৰনাইৰে আদৰণি জনায় ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ সচিবালয়ৰ পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰে।

লগতে চাওকঃ

মানসিক বিকাৰগ্ৰস্তৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া

Leave a Comment