চৰকাৰী বিমান দুৰ্ঘটনা, পাইলটৰ পৰা ৮৫ কোটি টকা ক্ষতিপূৰণ আদায় কৰিব চৰকাৰে!

নিউজ ডেস্ক। মধ্যপ্ৰদেশ চৰকাৰৰ ৰাজ্যিক বিমান (বি-২০০জিটি/ভিটি এমপিকিউ) দুৰ্ঘটনা গোচৰত পাইলট কেপ্টেইন মজিদ আখটাৰৰ বিৰুদ্ধে অভিযোগ নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে।

বিমান দুৰ্ঘটনাৰ বাবে পাইলট কেপ্টেইন মজিদ আখটাৰক দোষী সাব্যস্ত কৰি চৰকাৰে ৮৫ কোটি টকা ক্ষতিপূৰণ আদায়ৰ বাবে জাননীও জাৰি কৰিছে।

p1

এই সন্দৰ্ভত কেপ্টেইন মজিদৰ পৰা সঁহাৰি লাভ কৰাৰ পিছতে চৰকাৰে ক্ষতিপূৰণ আদায়ৰ বিষয়ে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে, বিমান দুৰ্ঘটনাটোৰ পিছতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) ২০২১ চনৰ আগষ্ট মাহত পাইলট মজিদ আখটাৰৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰিছিল।

9

ৰাজ্য চৰকাৰে বিভাগীয় তদন্তত স্পষ্ট কৰি দিছে যে পাইলটজনৰ অৱহেলাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। যাৰ ফলত ৬২ কোটি টকা মূলৰ বিমানখন বিধ্বস্ত হয়।

আনহাতে চৰকাৰৰ ৰাজ্যিক বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত চৰকাৰে ৩২ কোটি টকা ব্যয়ৰে এখন বিমান ভাড়ালৈ ল’বলগীয়া হৈছিল।

তেনে পৰিপ্ৰেক্ষিততে চৰকাৰে পাইলট কেপ্টেইন মজিদ আখতাৰৰ পৰা ৮৫ কোটি টকা ক্ষতিপূৰণ আদায় কৰাৰ সিদ্ধান্ত লৈছে।

99

ৰাজ্য চৰকাৰে কেপ্টেইন মজিদক জাৰি কৰা অভিযোগপত্ৰত বিমান দুৰ্ঘটনাৰ বাবে তেওঁৰ পৰা কিয় ক্ষতিপূৰণ লোৱা নহ’ব তাৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, মধ্যপ্ৰদেশ চৰকাৰৰ বিমানখন ২০২১ চনৰ ৭ মে’ত গুজৰাটৰ পৰা কোৰোনা চিকিৎসাৰ বাবে ৰেমডেচিভিৰ ইনজেকশ্যন লৈ উভতি অহাৰ সময়ত গোৱালিয়ৰ বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক পূৰ্বে দুৰ্ঘটনাত পতিত হয়।

বিমানখনে ৰানৱেৰ প্ৰায় ৩০০ ফুট পূৰ্বে লগোৱা এৰেষ্টেৰ বেৰিয়াৰত খুন্দা মৰাৰ ফলত বিমানৰ ককপিটৰ সন্মুখৰ অংশ ধ্বংসস্তূপত পৰিণত হয়।

2

সূত্ৰ অনুসৰি, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছুদিন পূৰ্বেই বিমানখনৰ বীমাৰ ম্যাদ উকলি গৈছিল। যাৰ ফলত বিমানখনৰ ক্ষতিপূৰণ লাভ নকৰে চৰকাৰে।

ইফালে বিমান সচিব এম চেলভেন্দ্ৰনে জানিবলৈ দিয়া মতে কেপ্টেইন মজিদৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলি আছে। ইয়াৰ অধীনত, তেওঁৰ বিৰুদ্ধে অৱহেলা কৰাৰ অভিযোগৰ আধাৰত এখন অভিযোগপত্ৰ জাৰী কৰা হৈছে। সঁহাৰি পোৱাৰ পিছত পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব।

P2

আনহাতে মধ্যপ্ৰদেশ চৰকাৰৰ এক সূত্ৰৰ খবৰ অনুসৰি, এতিয়া চৰকাৰে এখন ৯০ কোটি মূল্যৰ জেট প্লেন ক্ৰয় কৰাৰ প্ৰস্তুতি চলাই আছে।

উচ্চ পদস্থ সূত্ৰই জানিবলৈ দিয়া মতে, বৰ্তমান ৰাজ্যখনত মাত্ৰ কেইটামান বিমান কেন্দ্ৰ আছে য’ত জেট বিমানখন অৱতৰণ কৰিব পৰা যাব।

সেয়েহে, চৰকাৰে আন সকলো জিলা সংগ্ৰাহকক এয়াৰষ্ট্ৰিপ উন্নীত কৰিবলৈ নিৰ্দেশ দিছে। পথৰ মানচিত্ৰ পিডব্লিউডিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।

Leave a Comment