fbpx
অসমীয়াৰাষ্ট্ৰীয়

চৰকাৰী চাকৰি পোৱাৰ পিছত এৰি থৈ যাব পত্নীয়ে! সেই ভয়তেই নাৰ্ছ পত্নীৰ সোঁহাত কাটিছিল স্বামীয়ে, অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ পত্নীয়ে যদি চৰকাৰী চাকৰি পায়, তেন্তে তেওঁক এৰি গুচি যাব! সেই ভয়তেই যাতে পত্নীয়ে চাকৰি কৰিব নোৱাৰে, তাৰ বাবে এখন হাত কাটি পেলাবলৈ চুপাৰি দিছিল স্বামীয়ে। কিন্তু অৱশেষত আৰক্ষীয়ে অভিযান চলাই পলাতক স্বামীক কৰে গ্ৰেপ্তাৰ।

এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে পশ্চিমবংগত।

পত্নীৰ হাত কাটি পলাতক অৱস্থাত থকা অভিযুক্ত স্বামীক মঙলবাৰে নিশা প্ৰায় ৯.৪৫ বজাত অভিযান চলাই কেতুগ্ৰাম আৰু মুৰ্ছিদাবাদ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইয়াৰ পিছতে বুধবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তৰ পিতৃ-মাতৃক।

image 93

জানিব পৰা মতে, ৰেণু খাতুন নামৰ মহিলাগৰাকীয়ে ২০১৬ চনত বিবাহ পাশত আৱদ্ধ হৈছিল কেতুগ্ৰামৰ কোজলছা গাঁৱৰ বাসিন্দা ছিৰাজ শ্বেখৰ একমাত্ৰ পুত্ৰ শ্বেৰ মহম্মদ শ্বেখ ওৰফে শ্বৰীফুলৰ সৈতে।

ৰেণু খাতুনে নাৰ্চিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত দুৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্চ হিচাপে কাম কৰি আছিল। সমান্তৰালভাৱে চৰকাৰী চাকৰীৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছিল তেওঁ।

image 92

শেহতীয়াকৈ চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণও হ’বলৈ সক্ষম হৈছিল ৰেণু খাতুন। কিছুদিন পূৰ্বে পেনেলত তেওঁৰ নাম প্ৰকাশ পাইছিল। চৰকাৰী চাকৰি নিশ্চিত হোৱাৰ পিছত এতিয়া কেৱল যোগদানৰ বাবে অপেক্ষা কৰি আছিল ৰেণু খাতুন।

কিন্তু চাকৰিত যোগদানৰ পূৰ্বেই সংঘটিত হয় অঘটন। চৰকাৰী চাকৰি পালে পত্নীয়ে এৰি থৈ যোৱাৰ ভয়তে শ্বৰীফুলে আন দুুজন যুৱকক পত্নীৰ সোঁহাতখন কাটি পেলাবলৈ নিৰ্দেশ দিয়ে।

image 91

ইফালে ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা অভিযুক্ত পলাতক হৈ আছিল। কিন্তু আৰক্ষীয়ে অভিযুক্ত শ্বৰীফুলৰ সন্ধানত ক্ষীপ্ৰতাৰে অভিযান চলাই অৱশেষত মঙলবাৰে নিশা কেতুগ্ৰাম আৰু মুৰ্ছিদাবাদৰ সীমান্ত অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে অভিযুক্ত শ্বেৰ মহম্মদ শ্বেখে মুৰ্ছিদাবাদত আত্মগোপন কৰাৰ পৰিকল্পনা কৰিছিল। সূত্ৰ অনুসৰি তেওঁৱেই যুৱক দুজনক পত্নীক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল।

আৰক্ষীৰ মতে, ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। শহুৰেক, শাহুৱেক আৰু স্বামীক জেৰা অব্যাহত ৰাখিছে। ঘটনাৰ সৈতে আন কাৰোবাৰ কোনো সম্পৰ্ক আছে নে নাই তদন্ত চলি আছে।

লগতে চাওকঃ

পুনৰ গাঁৱলৈ ওভতি নাহিল ফুলৰ মালা পিন্ধাই গাঁওবাসীয়ে বিদায় জনােৱা ২৬ জন বয়ােজ্যেষ্ঠ তীৰ্থযাত্ৰী…

G4 2

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!