অসম

চৰকাৰী চাকৰিৰ নামত প্ৰৱঞ্চনাৰ জাল, এইবাৰ অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰৱঞ্চনাৰ জাল মেলা এজনক আটক

পুনৰ চৰকাৰী চাকৰিৰ নামত প্ৰৱঞ্চনাৰ জাল।

সেনা বাহিনীত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল মেলা এজনক আটক।

এইবাৰ অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰৱঞ্চকৰ চকু।

শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত সক্ৰিয় দালাল চক্ৰ।

৫ জনীয়া প্ৰৱঞ্চকৰ দলে মেলিছিল প্ৰৱঞ্চনাৰ জাল।

মৰিয়নিত চলি আছিল ১ম পৰ্যায়ৰ শাৰীৰিক পৰীক্ষা।

শাৰীৰিক পৰীক্ষাত ভিৰ কৰিছিলহি উজনি অসমৰ প্ৰাৰ্থীসকল। প্ৰাৰ্থীসকলক লক্ষ্য কৰি লৈছিল প্ৰৱঞ্চক চক্ৰটোৱে।

অৱশেষত মৰিয়নি আৰক্ষীৰ অভিযানত আটক এটা প্ৰৱঞ্চকক।

মৰিয়নী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঞ্জন ভূঞা নামৰ এটা প্ৰৱঞ্চকক। লোকজনৰ ঘৰ তেজপুৰত।

প্ৰাৰ্থীক চাকৰি দিয়াৰ প্ৰলোভনেৰে কৰিছিল ধন দাবী।

নিজ মুখেৰে স্বীকাৰ কৰিলে তেজপুৰৰ প্ৰৱঞ্চকটোৱে।

প্ৰৱঞ্চকৰ দলটোৱে বাহৰ পাতি আছিল লোকনাথ বিবাহ ভৱন নামৰ এখন হোটেলত।

আনহাতে আৰক্ষীৰ চকুত ধূলি দি আন ৪টা প্ৰৱঞ্চকৰ পলায়ন।

Related Articles

Back to top button