অসম

চৰকাৰী চাকৰিৰ আবেদন! নিবনুৱাৰ ধনৰে টনকিয়াল কৰা হ’ল নেকি চৰকাৰৰ ৰাজকোষ? এক প্ৰতিবেদন…

ৰাজ্যৰ প্ৰধান সমস্যা হৈছে নিবনুৱা সমস্যা। সংস্থাপনৰ আশাৰে বছৰৰ পিছত বছৰ ধৰি চৰকাৰৰ মুখলৈ চাই ৰৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা।

ৰাজ্যত এটা চৰকাৰী চাকৰি পোৱাটো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ আশাৰ খবৰ কঢ়িয়াই আনিছিল শাসনাধিষ্ঠ বিজেপি চৰকাৰে।

নিবনুৱা সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পাৰ কৰিলে এটা বছৰ।

প্ৰথম বৰ্ষতে ১ লাখ নিবনুৱাক গনি গনি চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও ক’ভিডৰ বাবে সেইয়া কাৰ্যত হৈ নুঠিল। অৱশ্যে প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ চাকৰি প্ৰদান দিশে অগ্ৰসৰ হৈছে হিমন্ত চৰকাৰ।

ইতিমধ্যে শিক্ষক, আৰক্ষী কনিষ্টবলকে ধৰি বিভিন্ন বিভাগৰ ২৩ হাজাৰ চাকৰি প্ৰদান কৰাৰ পিছতে বিভিন্ন বিভাগৰ ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে যোৱা মাৰ্চ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছে বিজেপি চৰকাৰে।

এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছতে পুনৰ উন্মোচিত হয় ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবিখন। কিয়নো ৰাজ্য চৰকাৰৰ এই বিভিন্ন বিভাগৰ ২৬ হাজাৰ পদৰ বিপৰীতে আবেদন কৰিছে ৰাজ্যৰ মুঠ ১১, ৯২, ৫০৯ গৰাকী প্ৰাৰ্থীয়ে।

ইয়াৰে তৃতীয় বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিছে মুঠ ৬, ৭১, ৮০৫ গৰাকী প্ৰাৰ্থীয়ে। তদুপৰি চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিছে ৪, ৪৩, ৬৫৫ গৰাকী প্ৰাৰ্থীয়ে। আনহাতে তৃতীয় বৰ্গৰ গাড়ী চালক পদৰ বাবে আবেদন কৰিছে ৭৭,০৪৯ গৰাকী প্ৰাৰ্থীয়ে।

ইমানলৈ বাৰু থিকেই আছিল। কিন্তু প্ৰায় এই ১২ লাখ আবেদনকাৰীৰ পৰা কিমান কোটি টকাৰ মাচুল সংগ্ৰহ কৰিলে চাকৰিৰ নামত তামোল এখনো নোখোৱা চৰকাৰে? এই তথ্য জানিলে আপোনাৰ চকু কপালত উঠিব। কিয়নো আবেদনকাৰী সকলৰ বাবে শ্ৰেণী অনুসৰি পৃথকে পৃথকে নিৰ্ধাৰণ কৰি দিয়া হৈছিল মাচুল।

যদিহে সৰ্বোচ্চ ৩৫০ ধৰা হয় তেন্তে ১১, ৯২, ৫০৯ গৰাকী আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰা হয় মুঠ ৪১ কোটি ৭৩ লাখ ৭৮ হাজাৰ ১৫০ টকা।

উল্লেখ কৰাৰ প্ৰয়োজন যে, তৃতীয় বৰ্গৰ চাকৰিৰ বাবে আছিল ৪ টা ভাগ। যদি আবেদনকাৰীয়ে চাৰিটা ভাগত আবেদন কৰে এজন প্ৰাৰ্থীৰ মুঠ মাচুল হৈ পৰে ১৪০০ টকা। অৰ্থাৎ মুঠ আবেদনকাৰী ৬, ৭১, ৮০৫ গৰাকীৰ পৰা ৰাজকোষত জমা হয় ৯৪ কোটি, ৫ লাখ ২৭ হাজাৰ টকা।

আনহাতে চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আছিল দুটা পদ। যদি প্ৰাৰ্থীয়ে দুয়োটা ভাগত আবেদন কৰে তেন্তে আবেদনৰ মাচুল বহন কৰিব লাগিব সৰ্বোচ্চ ৪০০ টকা। অৰ্থাৎ চতুৰ্থ বৰ্গৰ মুঠ আবেদনকাৰী ৪, ৪৩, ৬৫৫ গৰাকীৰ পৰা ৰাজকোষত জমা হ’ব মুঠ ১৭ কোটি ৭৪ লাখ ৬২ হাজাৰ টকা।

সেই অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আবেদনকাৰীৰ পৰা ৰাজকোষত জমা হয় ১১১ কোটি ৭৯ লাখ ৮৯ হাজাৰ টকা।

মন কৰিবলগীয়া যে, তামোল এখনো নোখোৱাকৈ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চাকৰি প্ৰত্যাশিৰ পৰা সংগ্ৰহ কৰিলে ১১১ কোটি ৭৯ লাখ ৮৯ হাজাৰ টকা।

এই ক্ষেত্ৰত একাংশই প্ৰশ্ন উত্থাপন কৰিছে ধাৰত পোত গৈ থকা চৰকাৰখনে নিবনুৱাৰ ধনেৰে টনকিয়াল কৰিলে নেকি ৰাজকোষয আনহাতে আন একাংশই চাকৰিৰ আবেদনৰ বাবে নিৰ্ধাৰণ কৰা মচুলৰ ক্ষেত্ৰত চৰকাৰক বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।

Related Articles

Back to top button