চৰকাৰী চাকৰিয়ালৰ প্ৰতিমাহে দৰমহা বাঢ়ে, গতিকে বিদ্যুৎ মাচুল বঢ়াতো ডাঙৰ কথা নহয়ঃ পীযূষ হাজৰিকা…

হঠাৎ ৰাজ্যত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল।
কাৰোবাৰ কাৰোবাৰ ঘৰৰ বিদ্যুতৰ বিল পূৰ্বৰ বিলৰ তুলনাত তিনিগুণ হৈছে।
বিদ্যুতৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে মানুহক আচৰিত কৰি তুলিছে।
যাক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈছে বিষয়টো।
নতুন ডিজিটেল মিটাৰ ব্যৱহাৰৰ পিছতে বিদ্যুতৰ মাচুল বৃদ্ধিৰ অভিযোগ উত্থাপন হৈছে।
ইপিনে বিদ্যুতৰ বিল বৃদ্ধি হোৱা প্ৰসংগত এপিডিচিএলে দাঙি ধৰিছে অদ্ভূত যুক্তি।
এপিডিচিএলৰ পিপি এণ্ড ডি মুখ্য মহাপ্ৰৱন্ধকে স্বাক্ষৰ কৰা জাননীত লিখা হৈছে যোৱা কেইমাহমানত বহু গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ কাৰণ এইটো হ’ব পাৰে যে, জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু বিগত মাহ বোৰৰ তুলনাত কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ঠ বৃদ্ধি পাইছে।
আজি বিধানসভাতো উত্থাপন হয় বিদ্যুৎ মাচুল বৃদ্ধিৰ বিষয়।
বিদ্যুৎ মাচুল বৃদ্ধি সম্পৰ্কত আজি গধূলি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ সৈতে বৈঠকত বহিব বিভাগীয় লোকসকল।
ইফালে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ আজি মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘চৰকাৰী চাকৰিয়ালৰ প্ৰতিমাহে দৰমহা বাঢ়ে। গতিকে বিদ্যুৎ মাচুল বঢ়াতো ডাঙৰ কথা নহয়। প্ৰতিমাহে ২০০–৩০০ টকাকৈ বৃদ্ধি পাই দৰমহা। নিয়মমাফিক মাছুল বাঢ়িবই, বেছি বাঢ়িলে আমি ব্যৱস্থা ল’ম।’