চৰকাৰী কিতাপক লৈ বৃহৎ কেলেংকাৰী, বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ শিক্ষা বিভাগৰ কিতাপ…

চৰকাৰী কিতাপক লৈ বৃহৎ কেলেংকাৰী।

বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ শিক্ষা বিভাগৰ কিতাপ।

কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত জব্দ বৃহৎ পৰিমাণৰ শিক্ষা বিভাগৰ পাঠ্যপুথি।

দুখন ট্রাকত ভৰাই বহিঃৰাজ্যলৈ নি থকা অৱস্থাত উদ্ধাৰ হৈছে ৫০০ বস্তা চৰকাৰী কিতাপ।

অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলগীয়া পাঠ্যপুথি বহিঃৰাজ্যলৈ নি থকা ট্রাক দুখন জব্দ হোৱাৰ লগতে আটক হৈছে তেজ সিং, দিলীপ সিং আৰু নীৰাজ নামৰ তিনি চালক।

image 119
চৰকাৰী কিতাপক লৈ বৃহৎ কেলেংকাৰী, বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ শিক্ষা বিভাগৰ কিতাপ... 5

জব্দকৃত ট্ৰাকদুখনৰ নম্বৰ হৈছে এইচ আৰ ৫৫/ এ জি ০১২১ আৰু এইচ আৰ- ৫৫ ডব্লিউ ০৯৭২।

এই ঘটনাই সমগ্র বকো অঞ্চলকে ধৰি ৰাজ্যৰ শৈক্ষিক মহলত সৃষ্টি কৰিছে তীব্র প্রতিক্ৰিয়াৰ। কিদৰে শিক্ষাৰ্থীৰ বিনামূলীয়া নতুন পাঠ্যপুথি, পুৰণি কাগজপত্র-কিতাপ মজুত ৰখা ডেম্পলৈ গ’ল, তাক লৈ উত্থাপিত হৈছে ভিন্ন প্ৰশ্নৰ।

ৰাজকোষৰ ধন খৰচ কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰণয়ন কৰা কিতাপ ডেম্পৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ হোৱাৰ এক উচিত তদন্ত কৰাৰ দাবী উত্থাপিত হৈছে।

image 120
চৰকাৰী কিতাপক লৈ বৃহৎ কেলেংকাৰী, বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ শিক্ষা বিভাগৰ কিতাপ... 6

উল্লেখ্য যে বকো থানা আৰু ছমৰীয়া পহৰা চকীৰ অন্তৰ্গত ছমৰীয়াত যোৱা নিশা প্রায় দহ বজাত স্থানীয় ৰাইজ আৰু ৰংমন’ নামৰ সাংস্কৃতিক সংগঠনটোৰ কর্মকর্তাসকলে ছয়গাঁও থানাৰ অন্তৰ্গত কালাতলী চৌধুৰীপামৰ পৰা শিক্ষা বিভাগৰ বিনামূলীয়া পাঠ্যপুথি গোপনে কঢ়িয়াই অনা দুখন ট্রাক জব্দ কৰে।

ইয়াৰ পিছতে নিশাৰ ভিতৰত কামৰূপ জিলাৰ উপায়ুক্তক শিক্ষা বিভাগৰ বিনামূলীয়া পাঠ্যপুথিসহ ট্রাক দুখন জব্দ কৰাৰ বিষয়ে জন্যেৱাত উপায়ুক্তৰ নিৰ্দেশমতে ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাথমিক বিষয়া ঘটনাস্থলীত উপস্থিত হয়।

ট্রাক দুখনত অষ্টম শ্রেণীৰ পৰা দশম শ্রেণীৰ শিক্ষাৰ্থীৰ বাবে বিভিন্ন বৰ্ষত যেনে ২০১৭, ২০১৮, ২০১৯, ২০২০, ২০২১ চনত শিক্ষা বিভাগৰ ছপা কৰা বিনামূলীয়া পাঠ্যপুথি প্রত্যক্ষ কৰি ট্রাক দুখনত প্ৰায় ওঠৰ টন ওজনৰ পাঠ্যপুথি আছে বুলি নিশ্চিত হয়।

image 121
চৰকাৰী কিতাপক লৈ বৃহৎ কেলেংকাৰী, বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ শিক্ষা বিভাগৰ কিতাপ... 7

তাৎপর্যপূর্ণভাৱে ২০২১ত প্রকাশ কৰা পাঠ্যপুথিসমূহত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ শুভেচ্ছাবাণী সন্নিবিষ্ট হৈ আছে।

আনহাতে সংবাদ মাধধ্যমত প্ৰচাৰৰ পিছতে ছমৰীয়া সত্ৰত নিশাই উপস্থিত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ প্ৰৱন্ধক ৰমেশ শৰ্মা। তাৰ পাছতে পাঠ্যপুথি নিৰিক্ষণ কৰি প্ৰচলিত পাঠ্যক্ৰমৰে পাঠ্যপুথি বুলি মন্তব্য শিক্ষা বিষয়াজনৰ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী আৰু বিভাগীয়ভাৱে তদন্ত কৰা হব বুলি জনায় বিষয়াগৰাকীয়ে।

মন কৰিবলগীয়া যে, বহু বিদ্যালয়ে অতিৰিক্ত ছাত্ৰ-ছাত্ৰী হিচাপ প্ৰদৰ্শন কৰা বুলি কৈ চৰকাৰে অনাৱশ্যকীয় খৰচ কৰি আহিছে পাঠ্যপুথি ছপোৱাত বুলিও এক মন্তব্য কৰে বিষয়াগৰাকীয়ে।

image 122
চৰকাৰী কিতাপক লৈ বৃহৎ কেলেংকাৰী, বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ শিক্ষা বিভাগৰ কিতাপ... 8

উল্লেখ্য যে, ট্রাক দুখনেৰে ছয়গাঁৱৰ কালাতলী চৌধুৰীপামৰ নুৰ ইছলাম নামৰ বিতর্কিত ব্যৱসায়ী এগৰাকীৰ ডেম্পৰ পৰা শিক্ষা বিভাগৰ বিনামূলীয়া পাঠ্যপুথি কঢ়িয়াই আনিছিল বুলি ট্রাক দুখনৰ চালক তিনিজনে স্বীকাৰ কৰে। আনহাতে ব্যৱস

Leave a Comment