
নিউজ ডেস্কঃ চৰকাৰী আৱাসত নিজ পত্নী-সন্তানকে পণবন্দী কৰি য’ধে ম’ধে গুলীচালনা উন্মাদ চিআৰপিএফ জােৱানৰ, তাৰ পিছত…১৮ ঘণ্টাৰো অধিক সময়ত নিজৰ চৰকাৰী আৱাসৰ ভিতৰত বন্দী কৰি ৰাখিছিল পত্নী আৰু কন্যাক।
আৰু তাৰ পিছতে নিজকে গুলীয়াই আত্মহত্যা কৰে এগৰাকী চিআৰপিএফ জোৱানে।
এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ৰাজস্থানৰ যোধপুৰত।
সোমবাৰে পুৱাৰ ভাগত নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা কৰে নৰেশ জাত নামৰ চিআৰপিএফ জোৱানজনে।

ইয়াৰ পূৰ্বে তেওঁ দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাৰ পৰা ১৮ ঘণ্টাৰো অধিক সময় নিজকে আৱদ্ধ কৰি ৰাখে চৰকাৰী আৱাসৰ ভিতৰত।
মানসিক অসুস্থতাত ভুগা চিআৰপিএফ জোৱানজনে ছুটি লাভ নকৰাৰ বাবেই এনে ভয়ংকৰ কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, ৰাজস্থানৰ পালি জিলাৰ বাসিন্দা নৰেশ জাতে দেওবাৰে ডিআইজি ভূপেন্দ্ৰ সিঙৰ পৰা ছুটি বিচাৰিছিল।

ডিআইজিয়ে তেওঁক ছুটি দিবলৈ অস্বীকাৰ কৰাত ক্ষুব্ধ হৈ এগৰাকী সহকৰ্মীৰ ওপৰতে আক্ৰমণ কৰে। নৰেশ জাতে সহকৰ্মীজনৰ হাতত কামোৰাৰ বাবে তেওঁৰ বিৰুদ্ধে সতৰ্কবাণী পত্ৰও জাৰি কৰা হয়।
ইয়াৰ পিছতে নিজৰ চৰকাৰী আৱাসালৈ উভতি আহি নৰেশ জাতে বাৰান্দাৰ পৰা শূণ্যলৈ ৮ জাই গুলীবৰ্ষণ কৰে। যাৰ ফলত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।

এই সন্দৰ্ভত অৱগত হোৱাৰ পিছত, আৰক্ষী আৰু চিআৰপিএফ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ তেওঁক বুজাবলৈ যথেষ্ট চেষ্টাকৰে যদিও ব্যৰ্থ হয়।
শেষত, তেওঁ চাৰিজন বিষয়াৰ সন্মুখত নিজৰ ওপৰত গুলীচালনা কৰে।
লগে লগে তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
লগতে চাওকঃ
অসমত বাহুবলী অপসংস্কৃতি চলিবলৈ দিয়া নহ’বঃ কঠোৰ সকিয়নী বিশেষ DGP জিপি সিঙৰ

সামাজিক মাধ্যমত আলফা (স্বা)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱক…
