fbpx
অসম

চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ বঁটা লাভ অসমৰ এইগৰাকী উপায়ুক্তৰ

সফলভাৱে চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ বাবে অসমৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়ালৈ আগবঢ়োৱা হৈছে Prime Minister’s Award for Excellence in Public Administration, 2019 ।

যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক প্ৰধানমন্ত্ৰীৰ পাৰদৰ্শিতা বঁটাৰ বাবে মনোনিত কৰা হৈছে।

উল্লেখ্য যে, অশোক কুমাৰ বৰ্মন দৰং জিলাত উপায়ুক্ত হৈ থকা অৱস্থাত তেওঁ জিলাখনৰ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা আঁচনি সফলতাৰে ৰূপায়ন কৰিছিল।

অশোক কুমাৰ বৰ্মনে আচনিখন সফলভাৱে ৰূপায়ন কৰি তোলাৰ পদক্ষেপ লোৱাৰ বাবে ২০১৯ চনৰ উত্তৰ-পূব আৰু পাহাৰীয়া জিলা শাখাৰ এই সন্মানৰ বাবে তেওঁক নিৰ্বাচন কৰা হয়।

২০১৮-১৯ চনত দৰং জিলাত উপায়ুক্ত হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰশাসনিক বিষয়াগৰাকীয়ে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা ২০ আৰু ২১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া “অসামৰিক সেৱা দিৱস” ২০২২ ৰ অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব লগা এই বঁটা প্ৰদান অনুষ্ঠানলৈ দৰঙৰ তদানীন্তন উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু  দৰং জিলাৰ বৰ্তমানৰ উপযুক্ত প্ৰণৱ কুমাৰ শৰ্মাই নিমন্ত্ৰণ লাভ কৰিছে।

এই সন্দৰ্ভত উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয়- চৰকাৰী আঁচনি সফলভাৱে ৰূপায়ণ কৰা বাবে জিলা ভিত্তিত এই সন্মান প্ৰদান কৰা হৈছে। ২০১৮-১৯ চনত মই দৰং জিলাৰ উপায়ুক্ত আছিলোঁ। এই সন্মানৰ বাবে সেই সময়ৰ এপিডিচিএলৰ বিষয়া শৰ্মা ডাঙৰীয়া, কটকী ডাঙৰীয়াকে আদি কৰি বাকী বিষয়া-কৰ্মচাৰীসকলক মই কৃতজ্ঞতা জনাইছোঁ। আমি এই আঁচনি ৰূপায়ণ কৰা বহু ঠাইলৈ সেই সময়ত বিদ্যুৎ সংযোগ যোৱাই নাছিল। তাৰ মাজতে চৰ-চাপৰি অঞ্চলো আছিল। যি আমাৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ আছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!