অসম

চোৰাংচোৱাৰ সতৰ্কবানীঃ আলফা(স্বাঃ)ৰ শীৰ্ষ টাৰ্গেটত DIG জিৎমল দলে…

উজনি অসমত আৰক্ষীৰ শীৰ্ষ বিষয়াক টাৰ্গেট আলফা(স্বা)ৰ।

DIG জিৎমল দলেক চোৰাংচোৱাৰ সতৰ্কবানী।

যি কোনো মূহুৰ্তত আলফা স্বাধীনৰ আক্ৰমনৰ সন্মুখীন হ’ব পাৰে আৰক্ষীৰ বিষয়াগৰাকী।

মূলত: জিৎমল দলেৰ নেতৃত্বত উজনি অসমত চলিছে আলফা বিৰোধী অভিযান।

এই অভিযানত সময়ত হোৱা সংঘৰ্ষত মৃত্যু হৈছিল আলফা কেডাৰ জ্ঞান অসম।

ইয়াৰ পাছতেই আলফাই টাৰ্গেট কৰিছে আৰক্ষীৰ বিষয়াক আক্ৰমনৰ।

চোৰাংচোৱাৰ এই খবৰৰ পিছতে হাহাকাৰ লাগিছে অসম আৰক্ষীত।

উল্লেখ্য যে, নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ৰ পৰাই দলে কেইবাটাও বিদ্ৰোহী সংগঠনৰ লক্ষ্য হৈ আহিছে।

Related Articles

Back to top button