চোৰাংকৈ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি ক’লা সাম্ৰাজ্য গঢ়ি তোলা কুখ্যাত গো মাফিয়া গব্বৰ সিঙক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ ৰাজ্যজুৰি গৰুৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ সময়তে এইবাৰ ধুবুৰী জিলাৰ গৌৰীপুৰত আৰক্ষীয়ে অভিযান চলাই এজন গৰুৰ কুখ্যাত চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুৰাজ নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই গৌৰীপুৰৰ কাঠলেৰ তল বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে গৰুৰ কুখ্যাত চোৰাং বেপাৰীটোক।

ধৃত চোৰাং বেপাৰীটোক ছামছুল হক ওৰফে গব্বৰ সিং বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বৰ্তমান গৌৰীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে ছামছুল হকক।

আৰক্ষীয়ে সদৰী কৰা মতে, অসমৰ লগতে বহিঃৰাজ্যৰ গৰু অবৈধভাৱে বাংলাদেশলৈ সৰবৰাহ কৰা এখন ক’লা সাম্ৰাজ্য গঢ়ি তুলিছিল গব্বৰ সিং ওৰফে ছামছুল হক নামৰ গৰুৰ চোৰাং ব্যৱসায়ীটোৱে।

photo1656830052
চোৰাংকৈ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি ক’লা সাম্ৰাজ্য গঢ়ি তোলা কুখ্যাত গো মাফিয়া গব্বৰ সিঙক গ্ৰেপ্তাৰ 2

আনহাতে চোৰাং বেপাৰীটোৰ সন্ধানত আৰক্ষীয়ে অভিযান চলোৱাৰ পিছতে বিগত কিছুদিনৰ পৰা আত্মগোপন কৰি আছিল ছামছুলে।

ইফালে চোৰাং ব্যৱসায়ীটো গ্ৰেপ্তাৰ হোৱাৰ পিছতে কেটেল প্রিভেনচন এক্টৰ অধীনত ছামছুলৰ অবৈধভাৱে গঢ়া সম্পত্তি বাজেয়াপ্ত কৰিব পাৰে আৰক্ষীয়ে।

আনহাতে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱে সাংবাদিকৰ আগত কয় যে ধুবুৰী জিলা আৰক্ষীয়ে গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ বাবে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আছে। ধৃত গব্বৰ সিঙৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত চলাই তেওঁৰ ক’ত কিমান সম্পত্তি আছে, সেই দিশটোও আৰক্ষীয়ে তদন্ত কৰি আছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।